
ডিজিটেল সংবাদ, বোকাখাতঃ পুখুৰীত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটিছে বোকাখাতৰ ৰঙাগৰা চাহ বাগিছাত। জানিব পৰা মতে ৰঙাগৰা চাহ বাগিছাৰ নিবাসী বগাই কৰ্মকাৰ আৰু আৰ্তি কৰ্মকাৰৰ পুত্ৰ চিনু কৰ্মকাৰে দেওবাৰে বিয়লি গা ধুবলৈ গৈ চাহ বাগিছাখনৰ ইংৰাজৰ দিনৰে এটি পুখুৰীলৈ যাওঁতেই এই অঘটন সংঘটিত হয়।
পৰৱৰ্ত্তী সময়ত স্থানীয় লোকৰ সহযোগত কমাৰ গাঁও আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এগৰাকী যুৱকৰ লগতে এগৰাকী কম বয়সীয়া কিশোৰীয়েও উক্ত পুখুৰীটোত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল বুলি ৰাইজে জানিবলৈ দিয়ে । লগতে পুখুৰীটো উন্মোক্ত হৈ থকাৰ বাবে এনে শোকাবহ ঘটনা বাৰে বাৰে সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।