জনশূণ্য কবু চাপৰিত কাঠ মাফিয়াৰ ৰাজত্ব...

জনশূণ্য কবু চাপৰিত কাঠ মাফিয়াৰ ৰাজত্ব...

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ কবু চাপৰি । এই কবু চাপৰিত বাস কৰা ৰাইজক বন বিভাগে উচ্ছেদৰ জাননী প্ৰদান কৰাৰ পিছতেই এতিয়া জনশূণ্য বনাঞ্চলটো।

কোনো নথকাৰ অচিলাৰে এতিয়া বনাঞ্চলটোত আৰম্ভ হৈছে বন ধ্বংসযজ্ঞ । বন বিভাগৰ উচ্ছেদৰ জাননীৰ পিছত বেদখলকাৰী আঁতৰি গৈ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল জনশূণ্য হ'ল ঠিকেই, কিন্তু কবু চাপৰি বনাঞ্চল সুৰক্ষাৰ নামত বন বিভাগে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা।

যাৰ ফলত জনশূণ্য চাপৰিটোত এচাম কাঠ মাফিয়াই গছ-গছনি কাটি চলাইছে অবাধ বন ধ্বংসযজ্ঞ । ৯,৪০০ হেক্টৰ বন ভূমি আগুৰি থকা তথা ধেমাজি বন সংমণ্ডলৰ অন্তৰ্গত জোনাই আঞ্চলিক বন বিভাগৰ অধীনৰ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত পূৰ্বেও বন বিভাগৰ অৱহেলাতে অবাধ বেদখল হোৱাৰ লগতে বৰ্তমানেও বন ধ্বংস যজ্ঞ অব্যাহত আছে।

অবাধ বন ধ্বংসৰ ফলত ইতিমধ্যে নদীদ্বীপ কবু চাপৰিৰ সিংহভাগ ভূমি চিয়াং-ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈ অস্তিত্ব বিপন্ন হৈ পৰিছে। ইপিনে জাননী লাভ কৰি নিৰাপদ আশ্ৰয় স্থান বিচাৰি ৰাইজে আঁতৰি যোৱাৰ পাছত বন বিভাগে নদীদ্বীপ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু বন বিভাগৰ এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত পূৰ্বে এটা বন খণ্ড কাৰ্যালয় আছিল। কিন্তু বন বিভাগৰ এনে অৱহেলা তথা দুৰ্বল ভূমিকা আৰু কবু চাপৰিত জনশূণ্যৰ এই সুযোগ লৈ এচাম কাঠ মাফিয়াই দুগুণ উৎসাহেৰে নদীদ্বীপ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অৱশিষ্ট সেউজীয়া গছ কাটি বন ধ্বংসযজ্ঞ কাৰ্য বৃদ্ধি পাইছে।

যোৱা কেইদিন মানত কাঠ মাফিয়াই কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বহু গছ কাটি তহিলং কৰিছে। চোৰাং বন মাফিয়াই ব্ৰহ্মপুত্ৰ আৰু চিয়াং নদীৰ জলপথেৰে বৃহৎ বৃহৎ গছৰ কুণ্ডাবোৰ সৰবৰাহ কৰি চলাই আছে ৰমৰমীয়া চোৰাং কাঠ বেহা। এক প্ৰকাৰ জনশূণ্য কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কাঠ মাফিয়াই চলাইছে ৰাজত্ব।

ফলত কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ ধ্বংসযজ্ঞৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী আৰু বিভিন্ন দল-সংগঠন। নদীদ্বীপ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বন খণ্ড কাৰ্যালয় স্থাপনৰ লগতে কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠীৰ 'ছেভ পবা ৰেইন ফৰেষ্টে' বন বিভাগৰ উৰ্ধত কতৃপক্ষৰ ওচৰত দাবী জনাইছে ।

জনশূণ্য কবু চাপৰিত কাঠ মাফিয়াৰ ৰাজত্ব...
গহপুৰত আটক তীৰ মাফিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in