নুমলীগড়ৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি...

স্মৃতিগ্ৰন্থ ‘ৰূপমঞ্জৰী’ উন্মোচন, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা-প্ৰদৰ্শনী
নুমলীগড়ৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি...
নুমলীগড়ৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি...

ডিজিটেল সংবাদ নুমলীগড়ঃ নুমলীগড়ৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, তেলগৰমৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বণাৰ্ঢ্য তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অন্ত পৰে৷ যোৱা ১৩ মাৰ্চৰ পৰা বিদ্যালয় চৌহদ এক উখল-মাখল পৰিৱেশৰ মাজত থাকে৷

শিক্ষাৰ্থী আচাৰ্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উপস্থিতিৰে পৰিৱেশ জীপাল হৈ পৰে৷ বৰ্ষজোৰা ৰূপালী জয়ন্তী উদ্‌যাপন কৰাৰ পিচত তিনিদিনীয়াকৈ সামৰণি অনুষ্ঠান আয়োজন কৰে বিদ্যালয় কতৃৰ্পক্ষই৷

এই উপলক্ষ্যে বিয়লি লেখক-শিক্ষাবিদ জিতেন কুমাৰ হাজৰিকাৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ প্ৰধান আচাৰ্যা ৰুমাৰাণি শইকীয়াই৷ জ্যেষ্ঠ সাংবাদিক বিনন ফুকনে আঁত ধৰা সভাত নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড॰ কাজল শইকীয়াই ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ ‘ৰূপমঞ্জৰী’ উন্মোচন কৰে৷

ইপিনে, সভাত ক্ৰমে মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষক প্ৰশিক্ষন মহাবিদ্যালয়ৰ, যোৰহাটৰ জ্যেষ্ঠ প্ৰৱক্তা মুকুল ফুকনে বক্তব্য দাঙি ধৰি নতুন শিক্ষা নীতি সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়ায়৷ তদুপৰি, তেওঁ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশ সম্পৰ্কেও আলোকপাত কৰে৷

অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈয়ে শিক্ষাথীসকলৰ উপযোগী বিভিন্ন দিশ সম্পৰ্কে বক্তব্য দাঙি ধৰে৷ তেওঁ ‘স্কুল’ শব্দৰ উৎপত্তিকে ধৰি শিক্ষাৰ্থীৰ সফলতাৰ আঁৰৰ বিভিন্ন দিশ সম্পৰ্কেও গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে৷

একেদৰে অনুষ্ঠানত এন আৰ এলৰ মহাপ্ৰৱন্ধক শৰ্মিষ্ঠা দত্ত, শিক্ষাবিদ নবীন শইকীয়া, মহেশ্বৰ হাজৰিকা, সমাজকৰ্মী মৃদুল ফুকনকে আদি কৰি বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰি বক্তব্য দাঙি ধৰি শংকৰদেৱ শিশু নিকেতন, তেলগৰমৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে৷

মুকলি সভাৰ পিচত বঁটা বিতৰণি অনুষ্ঠান সম্পন্ন হয়৷ সন্ধিয়া নুমলীগড় শোধনাগাৰৰ ৰাংচালি ক্লাৱৰ সভাপতি দিগন্ত বৰগোঁহাইয়ে বন্তি প্ৰজ্বলন কৰাৰ পিচতে সামূহিক বন্দনা অনুষ্ঠিত হয়৷ ইয়াৰ পিচতে মৰঙি মহাবিদ্যালয়ৰ অধ্যাপক তথা সংগীত শিল্পী ৰত্নেশ্বৰ মৰাঙে সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে৷

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে শিল্পী মৃন্ময় মৃত্তিক আৰু এন আৰ এলৰ ৰাংচালি ক্লাৱৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ দাসে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে নিশা আমন্ত্ৰিত অতিথিৰ দ্বাৰা অনুষ্ঠিত বণাৰ্ঢ্য সাংস্কৃতিক অনুষ্ঠানেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

ইপিনে কাৰ্যসূচী অনুসৰি ১৩ মাৰ্চৰ দিনা পুৱা পৰিৱেশ নিকাকৰণৰ পিচতে গোলাঘাটৰ সংকুল প্ৰমুখ দিব্যজ্যোতি গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে৷ ৰূপালী জয়ন্তীৰ স্মাৰক উন্মোচন কৰে শংকৰদেৱ শিশু নিকেতন, তেলগৰমৰ প্ৰধান আচাৰ্যা ৰুমাৰাণী শইকীয়াই৷

শিক্ষানুষ্ঠানখনৰ চাৰিবেৰা উন্মোচন কৰে ভূপেন শইকীয়াই৷ প্ৰাচীৰ পত্ৰিকা ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তিতাৰাম দাসে উন্মোচন কৰে৷ একেদৰে প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য অকন শইকীয়াই অত্যাধুনিক ব্যৱস্থাসম্পন্ন শ্ৰেণীকোঠা উদ্বোধন কৰে৷ চিত্ৰকলা প্ৰদৰ্শনীৰ দ্বাৰ বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ নৰহে উন্মোচন কৰে৷

হস্ত শিল্পজাত সামগ্ৰীৰ প্ৰদৰ্শনীৰ দ্বাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা গীতালী ফুকনে উন্মোচন কৰে৷ ইয়াৰ পিচতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা আৰু পৰিচালনা সমিতিৰ সন্মিলন তথা বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰৰ অন্তৰংগ বাতাৰ্লাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ আনহাতে, ১৪ মাৰ্চৰ দিনা পুৱা বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫খনকৈ পতাকা উত্তোলন কৰাৰ লগতে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান উদ্‌যাপন সমিতিৰ সভাপতি অজিত বৰাই মুখ্য পতাকাখন উত্তোলন কৰে৷

ইয়াৰ পিচতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষ্যজিত শইকীয়াই বন্তি প্ৰজ্বলন কৰে৷ যোৰহাটৰ বিভাগ নিৰিক্ষক দিগন্ত অধ্যাপকে স্মৃতি তৰ্পন কৰে৷ ইয়াৰ পিচতে বিশিষ্ট অভিনেতা দেবাশীষ বৰঠাকুৰে বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

বিদ্যালয় চৌহদৰ পৰা বাহিৰ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত ক্ৰমে গায়ন-বায়ন, সৰস্বতি, শিৱ-পাৰ্বতী, ভাৰতী মা, কৃষ্ণ, ৰাম-লক্ষ্মণকে আদি কৰি ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ৰূপ, সাংস্কৃতিক দলসমূহৰ ভিতৰত ক্ৰমে বিহু, ওজাপালি, বড়ো, গোৰ্খা, ঠেঙাল কছাৰী, ঝুমুইৰ, চিংফৌ জনগোষ্ঠী, চাওৰা ক’লা-কৃষ্টি, টাই আহোমকে আদি কৰি বিভিন্ন জাতি, জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহেও অংশগ্ৰহণ কৰে৷

বিদ্যালয় চৌহদৰ পৰা বাহিৰ কৰা এই শোভাযাত্ৰাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ হৈ কল্পতৰুৰ সন্মুখেৰে বিষ্ণুপুৰ তিনিআলি হৈ পুনৰ বিদ্যালয় চৌহদত সামৰণি পৰে৷ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ ইপিনে, সন্ধিয়া বন্তি প্ৰজ্বলন-সামূহিক বন্দনাৰ পিচতে ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা আৰু স্থানীয় শিল্পীৰ দ্বাৰা আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ বিশিষ্ট লোক সংগীতৰ সাধক ৰুমী শইকীয়াই উদ্বোধন কৰে৷ অনুষ্ঠানত বোলছবি পৰিচালক সুব্ৰত কাকতিয়েও অংশগ্ৰহণ কৰে৷

উল্লেখযোগ্য যে ১৯৯৯ চনৰ ১৫ মাৰ্চত প্ৰতিষ্ঠা লাভ কৰা এই শিক্ষানুষ্ঠানখনে সগৌৰৱেৰে ২৫টা বৰ্ষ অতিক্ৰম কৰিলে৷ বিগত সময়ছোৱাত বৃহত্তৰ অঞ্চলটোত শৈক্ষিক ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা শিক্ষানুষ্ঠানখনে ২০২২ বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক [কলা শাখা]ৰ শ্ৰেণীও আৰম্ভ কৰিছে৷

ইপিনে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ২০১২ চনৰ পৰাই আজি পৰ্যন্ত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিক্ষানুষ্ঠাখনে গৌৰৱ অক্ষুন্ন ৰাখিছে৷ তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সময়ছোৱাত শিক্ষানুষ্ঠানখনত উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়৷

নুমলীগড়ৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি...
পুৱাই আদালতত হাজিৰ অৰবিন্দ কেজৰিৱালঃ লাভ কৰিলে অগ্ৰিম জামিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in