
ডিজিটেল সংবাদ,কাজিৰঙা : যি সময়ত পৰিষ্কাৰ-পৰিচ্চনতাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে, ঠিক তেনে সময়তে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত হাবিয়ে-বননিয়ে আগুৰি আছে অসম তথা ভাৰতৰ গৌৰৱৰ কেইবাটাও প্ৰতীক৷ বোকাখাত মহকুমা প্ৰশাসনৰ চৰম উদাসীনতাৰ বাবেই বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয় চৌহদত থকা স্মৃতি উদ্যানত চৰম অবজ্ঞা কৰা হৈছে অসমীয়াৰ শৌৰ্য-বীৰ্য্যক।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, বোকাখাতৰ নৱনিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ চিমি কৰণে এই সামগ্ৰিক বিষয়বোৰ দেখিও নেদেখাৰ ভাও জুৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে ১৯৯২ চনত গঠন হোৱা বোকাখাত মহকুমা পূৰ্ণ পৰ্যায়ৰ হোৱাৰ পূৰ্বেই সৌ সিদিনা উপ জিলা হিচাপে ঘোষণা কৰা হ’ল ৷
মহকুমাখনত থাকিবলগীয়া বিভিন্ন অসুবিধাৰ মাজতে ২০২২ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিক ভাৱে মুকলি কৰিছিল বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ স্মৃতি উদ্যান। বোকাখাতৰ জনগণৰ হৃদয়ত গুঞ্জন তোলা শ্বহীদ কমলা মিৰি, শ্বহীদ বেজা বৈষ্ণৱ, অভিনেত্ৰী আইদেউ সন্দিকৈ, সতী সাধনী আৰু সতী ৰাধিকাসহ পাঁচগৰাকীকৈ বীৰ-বীৰাঙ্গনাৰ প্ৰতিমূৰ্তি চৰকাৰীভাৱে স্থাপন কৰি গাম্ভীৰ্যপূৰ্ণভাৱে স্মৃতি উদ্যান খন মুকলি কৰা হয়৷
কিন্তু, উদ্যান মুকলি কৰিয়েই দায়িত্ব সামৰা চৰকাৰী কৰ্তৃপক্ষই দুই-এবাৰ নিয়মমাফিক পৰিষ্কাৰ কৰাৰ বাদে সঁচা অৰ্থত উক্ত উদ্যান এবাৰো চাফ চিকুণ কৰাৰ প্ৰয়োজনবোধ কৰা নাই। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে এই উদ্যানত পঞ্চ মূৰ্তি প্ৰতিষ্ঠাৰ দ্বাৰা নৱ প্ৰজন্মৰ মনলৈ দেশ প্ৰেৰণা আহিব বুলিও আশা কৰিছিল।
কিন্তু সেই আশাত চেঁচা পানী ঢালি মুকলিৰ দিন ধৰি আজি পৰ্যন্ত তথাকথিত ব্যস্ত মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত থকা এই পঞ্চ মূৰ্তিৰ স্থলী অনাদৃত হৈয়েই থাকিল। পৰিত্যক্ত উদ্যানখনৰ চৌদিশ সম্প্ৰতি হাবিয়ে বননিয়ে আৱৰি ধৰিছে যদিও বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয় চৌহদৰ প্ৰৱেশদ্বাৰতে থকা উদ্যানখনলৈ কাৰো চকু নপৰে ৷
ইপিনে, চৰকাৰীভাৱে স্থাপন কৰা স্মৃতি উদ্যানখন স্বয়ং চৰকাৰী পক্ষই এলাগী কৰা দেখি ক্ষোভ প্ৰকাশ কৰিছে বোকাখাতৰ বিভিন্ন সচেতন লোকে। মন কৰিবলগীয়া কথাটো হ’ল কেৱল উদ্যানখনেই নহয় সমগ্ৰ মহকুমাধিপতি কাৰ্যালয় চৌহদটোৱেই এতিয়া অপতৃণ হাবি জংঘলৰ তলত। এইক্ষেত্ৰত স্থানীয় বিধায়ক, মন্ত্ৰী অতুল বৰাৰ নীৰৱ ভূমিকাই সকলোৰে চকু কপালত তুলিছে ৷