জামুগুৰিহাটৰ টৌভঙাৰ ৰে'ল লাইনত মৃতদেহ উদ্ধাৰ

জামুগুৰিহাটৰ টৌভঙাৰ ৰে'ল লাইনত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টৌভঙাত ৰে'লৰ লাইনত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জিনছ পেণ্ট আৰু টি-চাৰ্ট পৰিহিত প্ৰায় ৩০ বছৰীয়া যুৱকজনৰ কেনেকৈ মৃত্যু ঘটিল সেই কথা জানিব পৰা হোৱা নাই।

Advertisment

স্থানীয় লোকৰ মতে নিশাৰ ভাগত ৰে'লৰ চেপাত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষী আৰু ৰে'লৱে আৰক্ষীক খবৰ দিয়াৰ অন্তত আৰক্ষীয়ে চিন্ন-ভিন্ন অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে। অৱশ্যে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো ৷

Also Read: মণিপুৰত কে চি পিৰ ৫সদস্যক গ্ৰেপ্তাৰ : অস্ত্ৰ-শস্ত্ৰসহ বাহন জব্দ

jamugurihat Assam police