চিলাসূতিত সদ্য অৱসৰী প্ৰধান শিক্ষকক আৱেগিক বিদায় সম্বৰ্ধনা...

চিলাসূতিত সদ্য অৱসৰী প্ৰধান শিক্ষকক আৱেগিক বিদায় সম্বৰ্ধনা...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰ্চিলাচন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সম্ভূনাথ ভূঞাই কৰ্ম জীৱনৰ পৰা অৱসৰ লোৱাৰ উপলক্ষে শুকুৰবাৰে অনুষ্ঠিত হয় এক বিদায় সম্বৰ্ধনা সভা। চিলাসূতী প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন য়েইনে ।

চিলাসূতী প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি অছিল কুমাৰ গাৰেই আঁত ধৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী,অভিভাৱক, শিক্ষক কৰ্মচাৰী আৰু শুভাকাংক্ষী ৰাইজে ফুলাম গামোচা, ফুলৰ মালা, গ্ৰন্থৰ টোপোলা, শৰাই আদিৰে সম্বৰ্ধনা জনায়। পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত বিদায়ী শিক্ষক জনে আগবঢ়াই যোৱা অমূল্য অৱদানৰ বাবে ৰাইজে জনালে কৃতজ্ঞতা।

উল্লেখ্য যে ১৯৮৯ চনত চিলাপথাৰৰ মিঠুন পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শিক্ষক জনে যোৱা ২৮ জুনত চিলাসুতি গাঁও পঞ্চায়তৰ আৰ্চিলাচন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে সুদীৰ্ঘ বছৰে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে।

চাকৰিকালত এজন, ন্যায় পৰায়ণ, সৎ, নিষ্ঠাবান আৰু কৰ্তব্যনিষ্ঠাক আগস্থান দিয়া লোক হিচাপে পৰিচিত শিক্ষক আছিল। ছাত্ৰ, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষক জনক ৰাইজে একেমুখে শলাগ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে।

অনাগত দিনবোৰতো বিভিন্ন সামাজিক কাম-কাজৰ সৈতে নিজকে জড়িত ৰাখিবলৈ বিদায়ী শিক্ষক জনৰ প্ৰতি আহ্বান জনালে। বক্তব্য ৰাখিবলৈ গৈ আৱেগিক হৈ পৰে কেইবা জনো প্ৰাক্তন বিদ্যাৰ্থী আৰু সহকৰ্মী।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানখনত সূৰ্যোদয় হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰীয় চুতীয়াৰ লগতে দুৰ্গা বাহাদুৰ ছেএী, মোহন কুলি, দুলেশ্বৰ দলে, প্ৰসন্ন চুংক্ৰাং, ধৰ্মেন্দ সোণোৱাল, বিজয়া পাংগিং, লোকমায়া দেবী, লাচিত শইকীয়া, মহিৰাম টায়েং, মমতা দাস, প্ৰনৱ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক ঘনকান্ত পাইত, বিনোৱা শইকীয়া, অশ্বত্থামা মিপুন আদি বিভিন্ন কেন্দ্ৰৰ সম্পাদক, প্ৰধান শিক্ষক আৰু ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

চিলাসূতিত সদ্য অৱসৰী প্ৰধান শিক্ষকক আৱেগিক বিদায় সম্বৰ্ধনা...
কাছাৰত দুৰ্বৃত্তৰ দলবদ্ধ আক্রমণত আহত বৃদ্ধাসহ এটি শিশু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in