ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত পেইন এণ্ড পেলিয়েটিভ বিভাগৰ উদ্যোগত সজাগতামূলক কুইজ...

ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত পেইন এণ্ড পেলিয়েটিভ বিভাগৰ উদ্যোগত সজাগতামূলক কুইজ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত পেইন এণ্ড পেলিয়েটিভ বিভাগৰ উদ্যোগত সজাগতামূলক কুইজ...

ডিজিটেল ডেস্কঃ ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত পেইন এণ্ড পলিয়েটিভ বিভাগৰ উদ্যোগত শনিবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুস্থিত হৈ যায় । এই সজাগতামূলক কুইজ প্ৰতিযোগিতাখনিত দেশৰ মুঠ ৪৪ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

Advertisment

জি এম চিৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ বৈশ্যই এই প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে । লগতে অধ্যক্ষগৰাকীয়ে উদ্বোধনী ভাষণত পেইন এণ্ড পলিয়েটিভ বিভাগৰ গুৰুত্বৰ ওপৰত মন্তব্য আগবঢ়ায় ।

উক্ত প্ৰতিযোগিতাখনিত উপস্থিত থাকি এছ চি আইৰ চুপাৰেনটেন্ট ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰতিযোগিতাখনিত বিজয়ী হোৱা প্ৰতিযোগীসকলক মান পত্ৰ আৰু প্ৰাইজ বিতৰণ কৰে । এছচিআইৰ প্ৰতিগৰাকী সদস্য আজিৰ এই প্ৰতিযোগীতাখনত উপস্থিত থাকে ।

Also Read: সাৱধান! মহানগৰীৰ ৩৬৬ টাকৈ স্থান স্পৰ্শকাতৰ হিচাপে চিনাক্ত...

quiz gmc state cancer institude