গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, গোলাঘাট: সোমবাৰে নিশা গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।নগৰখনৰ মাজমজিয়াত অৱস্থিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখৰ এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।

Advertisment

জুইৰ লেলিহান শিখাই আৱৰি ধৰে দোকানখনৰ লগতে সা-সামগ্ৰী।পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ। জ্যোতি চাৰ্ভিচ চেণ্টাৰ নামৰ এখন কম্পিউটাৰ দোকানত সংঘটিত হয় এই ঘটনা।

কম্পিউটাৰ,ফটোষ্টেট সামগ্ৰী আদি সম্পূৰ্ণৰূপে জুইত জাহ যায়।শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। তপন চন্দ্র পাটনায়ক নামৰ লোক জনৰ দোকান খনত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি জাহ যায়।অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ভষ্মীভূত হয় সা-সামগ্ৰী।

Also Read: ''কংগ্ৰেছ সাংসদৰ পৰা জব্দ হোৱা ৩৫০ কোটি টকাৰ লগত দলৰ সম্পৰ্ক নাই''