বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰত কংগ্ৰেছৰ দলীয় সভা

কংগ্ৰেছৰ প্ৰতি নৱপ্ৰজন্ম আকৰ্ষিত হোৱাটো শুভলক্ষণ আৰু চৰকাৰ ইণ্ডিয়াই বনাব বুলি সভাপতি বৰাই মন্তব্য কৰে

author-image
Asomiya Pratidin
New Update
বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰত কংগ্ৰেছৰ দলীয় সভা

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰত কংগ্ৰেছৰ দলীয় সভা আৰু যোগদান পৰ্ব অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই যোগদান পৰ্বত ইউ পি পি এলৰ উপ-সভাপতি মইনুল হকসহ সহস্ৰাধিক লোকে কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে।

Advertisment

এই অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। সভাপতিগৰাকীৰ উপস্থিতিত উক্ত লোকসকলে যোগদান কৰে আৰু সভাপতি বৰাই দললৈ উষ্ম আদৰণি জনায়।

যোগদান অনুষ্ঠান তথা দলীয় সভাত সভাপতি বৰাই কয়- 'ছাত্ৰনেতা হৈ থকা অৱস্থাত প্ৰমোদ বড়োই ডিভাইড আছাম ৫০/৫০ বুলি কৈছিল। ক্ষমতা পোৱাৰ পিছত ডিভাইড মানি ৫০/৫০ বুলি কয় । কোকৰাঝাৰলৈ অহা পইচা আধা তেওঁৰ আৰু আধা দিছপুৰ আৰু বিজেপি নেতাক দিয়ে । দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ছানি ধৰিছে বি টি আৰ' বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে, বড়োলেণ্ড লাগে বুলি কোৱা একাংশ নেতা এতিয়া বেংগল আৰু দিল্লীত লেণ্ড কিনিছে । বহু আশাৰে কোকৰাঝাৰৰ ৰাইজে ২টা আঞ্চলিক দলৰ জন্ম দিছিল । তাৰে এটা বি পি এফ আৰু আনটো ইউ পি পি এল । দুয়োটা দলে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ দবাখেলৰ গুটিত পৰিণত হৈছে।

ইফালে সাংসদ নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত আলোচনা কৰিব লাগে বুলি নাভাৱো বুলি সভাপতি বৰাই মন্তব্য কৰে । কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াটো এশ শতাংশ খাটাং বুলি মন্তব্য কৰি কংগ্ৰেছৰ প্ৰতি নৱপ্ৰজন্ম আকৰ্ষিত হোৱাটো শুভলক্ষণ আৰু চৰকাৰ ইণ্ডিয়াই বনাব বুলি সভাপতি বৰাই মন্তব্য কৰে।

উল্লেখ্য যে , কোকৰাঝাৰত পদাৰ্পণ কৰিয়ে ভূপেন বৰাই বি টি চি সচিবালয়ত থকা বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বডোফাৰ যি সপোন দেখিছিল তাৰ বিপৰীত ছবি দেখা গৈছে বুলি ভূপেন বৰাই উল্লেখ কৰে।

Also Read: জামুগুৰিহাটৰ টুপিয়াৰ পৰা ছাত্ৰ নিৰুদ্দেশ

Bhupen Kumar Borah kokrajhar congress