দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা...

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা...
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা...

ডিজিটেল ডেস্কঃ ২৬ মাৰ্চ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱ চৌহদত অনুষ্ঠিত হ'ব এখন সাধাৰণ সভা। এই সভাতেই বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিয়ে বিত্তীয় হিচাপ দাখিল কৰাৰ উপৰিও ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে গুৱাহাটী প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সমিতিৰ দায়িত্বৰ কাৰ্যকাল অন্ত পৰিছে। ২০২০ ৰ ১২ মাৰ্চত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত গঠিত হোৱা কাৰ্যনিৰ্বাহক সমিতিয়ে ২০২০ ৰ ১৫ মাৰ্চত আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰিছিল।

এই সমিতিৰ ২ বছৰীয়া কাৰ্যকাল বিগত বছৰতেই শেষ হৈছিল যদিও কোভিড-১৯ য়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে সাধাৰণ সভাই এই সমিতিক অতিৰিক্ত ভাৱে এটা বছৰ কাৰ্যকাল বৃদ্ধি কৰিছিল। সেই অনুসৰি বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল শেষ হৈছে।

সমিতিয়ে এই সন্দৰ্ভত যোৱা ১৩ মাৰ্চতেই এখন সাধাৰণ সভাৰ আহ্বান কৰিছিল যদিও এক তৃতীয়াংশ সদস্য উপস্থিতি নোহোৱাৰ বাবে সভাত উপস্থিত সদস্যৰ অনুমতি সাপেক্ষে সেই সাধাৰণ সঙা স্থগিত ৰখা হৈছিল। সেই সভাত উপস্থিত থকা সদস্য তথা সাংবাদিকসকলৰ পৰামৰ্শৰ ভিত্তিতেই ২৬ মাৰ্চ, দেওবাৰে পুনৰ স্থগিত সাধাৰণ সভাখন আহ্বান কৰা হৈছে। দিনৰ ১১ বজাত প্ৰেছ ক্লাৱৰ চৌহদতে অনুষ্ঠিত হ'ব এই সাধাৰণ সভাখন।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা...
৩০ এপ্ৰিলত বি টি আৰত বিশেষ টেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in