গোলাঘাটত মুণ্ডন কাৰ্যসূচীৰে টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

মূল্যবৃদ্ধি ৰোধ আৰু টাই আহোমসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবীত গোলাঘাটত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
গোলাঘাটত মুণ্ডন কাৰ্যসূচীৰে টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, গোলাঘাটঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ আৰু টাই আহোমসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবীত গোলাঘাটত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। শুকুৰবাৰে গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ টাই আহোম ছাত্ৰ সন্থাই মুণ্ডন কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

সংগঠনটোৰ শতাধিক ছাত্ৰকৰ্মীৰ উপস্থিতিত কেইবাজনো প্ৰতিবাদকাৰীয়ে ৰাজপথৰ ওপৰতে মুণ্ডন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে বি জে পি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, আমাক জনজাতিৰ মৰ্যাদা দিয়ক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱাই।

Also Read: BCPLৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যৰ ফলত মৃত্যু হাজাৰ-হাজাৰ মাছ

All Tai Ahom Students' Union