BCPLৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যৰ ফলত মৃত্যু হাজাৰ-হাজাৰ মাছ

BCPLৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যৰ ফলত মৃত্যু হাজাৰ-হাজাৰ মাছৰ, চিন্তিত নৈ-পৰীয়াবাসী

author-image
Asomiya Pratidin
New Update
BCPLৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যৰ ফলত মৃত্যু হাজাৰ-হাজাৰ মাছ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা মৃত্যুমুখত পৰিছে হাজাৰ-হাজাৰ মাছ। মাছৰ এই মৃত্যুত এতিয়া একাংশ মৎস্য ব্যৱসায়ীৰ বাবে মৰণ ফাণ্ডত পৰিণত হৈছে।

Advertisment

উল্লেখ্য উদ্যোগটিৰ পৰা ওলোৱা ৰাসায়নিক দ্ৰব্যযুক্ত পানীসমূহ পৰে গৈ ৰঘুবিলত। সেই পানী আকৌ ৰঘুবিলৰ পৰা পোনে পোনে চেঁচা নদীত পৰে। ফলত চেঁচা নদীৰ মাছসমূহ প্ৰদূষিত পানীৰ বাবে মৃত্যুমুখত পৰে। তদুপৰি বাছি থকা মাছসমূহো খাদ্যৰ অনুপযোগী হৈ পৰিছে। চেঁচা নৈ-পৰীয়া ৰাইজ তথা ডিব্ৰুগড়বাসীৰ বাবে এই মাছসমূহ হৈ পৰিছে বৰবিহ স্বৰূপ।

এই ক্ষেত্ৰত বি চি পি এল কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সপ্তাহ দিনৰ ভিতৰতে যদি এই সমস্যা সমাধান নকৰে তেনে ভয়ংকৰ পৰিণতি সৃষ্টিৰ হুংকাৰ প্ৰদান কৰিছে অনুসূচীত জাতি পৰিষদে। ইপিনে চেঁচা নদীৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যযুক্ত মাছ খাই ইতিমধ্যে বহুলোক ৰোগত আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো মৃত্যুমুখত পৰিছে।

Also Read: অধীৰ ৰঞ্জনৰ নিলম্বনঃ মোডীক সমালোচনাই হ'ল কাল !

BCPL Brahmputra Cracker and Polymer Limited