/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/589b32b0-13f3-4ddc-85a1-c245fa92a25b/bhj.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: দেৰগাঁৱৰ বাপুজী মন্দিৰ প্ৰাংগণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দেৰগাঁও শাখাৰ লেখিকা সমাৰোহ সমিতিৰ সহযোগত ছহিদ কনকলতা সোঁৱৰণিী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
"জাতীয় চেতনা দিৱস" হিচাপে পালন কৰা এই বিশেষ দিনটোত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত জাতীয় চেতনা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়।
উক্ত অনুষ্ঠানত লখিমপুৰ জিলাৰ মুক্তি যোদ্ধা স্নেহলতা মজুমদাৰ আৰু গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী বিশিষ্ট সমাজসেৱী অনুৰূপা হাজৰিকাক ছহিদ কনকলতা বঁটা প্ৰদান কৰা হয়।
১৯৭৪ চনতে তেজপুৰত প্ৰতিষ্ঠা হয় এই সদৌ অসম লেখিকা সমাৰোহ আৰু পৰৱৰ্তী সময়ত ১৯৮১ চনত প্ৰতিষ্ঠা হয় দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতি।
Also Read: প্ৰতাপগড় চাহ বাগিচাত 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us