/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/30e249cb-2fac-4a48-8545-b996b2c94e69/cff.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসুচীত কংগ্ৰেছ দলৰ কেইবাজনো নেতা উপস্থিত হয়। বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ পৰা আৰম্ভ কৰা যাত্ৰাত প্ৰথমে দলটো বুঢ়াবাবা থানত উপস্থিত হৈ ভগৱন্তৰ ওচৰত সেৱা লয়।
প্ৰতাপগড় চাহ বাগিচাত উপস্থিত হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰ, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, ৰাণা গোশ্বামী, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ড০ সঞ্জু বৰুৱাকে আদি কৰি কংগ্ৰেছৰ শীৰ্ষ নেতা কৰ্মীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে।
মত বিনিময় পৰ্বত প্ৰায় শতাধিক চাহ শ্রমিকে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, চাহ শ্ৰমিক সকলে বিপিএল কাৰ্ড, অৰুণোদয়কে ধৰি কোনো আচনিয়ে বৰ্তমানলৈকে ঢুকি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে।
চাহ শ্ৰমিকসকলক বিজেপি চৰকাৰে কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে কংগ্ৰেছৰ নেতৃবৃন্দয়। সমান্তৰালভাৱে কৰম পূজাত চাহ বাগিচাৰ শ্ৰমিক সকলক দিয়া বন্ধৰ পৰিৱৰ্তে আন দিনা শ্ৰম কৰিবলৈ দিয়া সন্দৰ্ভতো তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে।
তাৰ পিছতে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ খেলপথাৰত এখন সভাত অংশ গ্ৰহন কৰে নেতা কৰ্মী সকলে। উক্ত সভাৰ পিছত চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰত একেলগে দুপৰীয়াৰ ভাত গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে।
Also Read: কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ