/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/112d9364-54a2-4f3f-b7bf-ce7faaeb1693/233.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত পৌৰসভাৰ উদ্যোগত চাফাই অভিযান কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। "স্বচ্ছতা হি সেৱা" অভিযানৰ অধীনত "এক তাৰিখ এক ঘণ্টা" কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা ১০ বজাত স্বচ্ছতাৰ হকে এক ঘণ্টাৰ শ্ৰমদানেৰে চাফাই অভিযানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0442ea09-f3ad-418c-b62e-4e8ffb117842/881bc1ec_c3bf_4cd1_853c_6e472315b2c8.jpg)
বোকাখাতৰ এএছটিচি পইণ্টৰ পৰা আৰম্ভ হোৱা এই অভিযান অন্ত পৰে বোকাখাত পৌৰসভা কাৰ্যালয়ৰ প্ৰাঙ্গণত। পুৱা ১০ বজাত আৰম্ভ কৰা চাফাই অভিযানত বোকাখাত মহকুমাৰ মহকুমাধিপতি চিমী কৰণ, বোকাখাতৰ চক্ৰ বিষয়া চম্পক ডেকা, বোকাখাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া পৰীস্মিতা দিহিঙীয়া, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, উপ-পৌৰপতি, ৱাৰ্ড কমিছনাৰ সকল, সহকাৰী আয়ুক্তসকল আৰু বোকাখাত পৌৰসভা কার্যালয়ৰসমূহ বিষয়া-কৰ্মচাৰী তথা আন বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
আনহাতে বোকাখাত মহকুমাধিপতি কাৰ্যালয় চৌহদতো কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা এটি চাফাই অভিযান চলোৱা হয়।