ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ মেৰাপানীৰ সুনীতা লিম্বুৰ

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ মেৰাপানীৰ সুনীতা লিম্বুৰ

ডিজিটেল সংবাদ, মেৰাপানীঃ বোকাৰ পদুম উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ত। মেৰাপানী সীমান্তৰ অতিকে ভিতৰুৱা গাঁৱৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা সুনীতা লিম্বুক পদুমপথাৰৰ গাঁওবাসীয়ে জনালে বিশেষ সম্বৰ্ধনা।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত তথা সৰুপানী সীমান্ত আঞ্চলিক সমিতি আৰু গোৰ্খা সন্মিলন, পদুমপথাৰ গাঁও উন্নয়ণ সমিতি, গাঁওৰক্ষী সমিতি, মহিলা সমিতি আৰু পদুম পথাৰ যুৱক সংঘৰ সৌজন্যত পদুমপথাৰ ৰাজহুৱা ভৱনত দেওবাৰে আয়োজিত এক সম্বধৰ্না অনুষ্ঠানত সুনীতা লিম্বুক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

অলপতে গোৱাত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উশ্বুত সুনীতা লিম্বুৱে ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ লগতে মেৰাপানী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত প্ৰফুল্লিত হৈ পৰিছে অঞ্চলবাসী।

সৰুপানী সীমান্ত গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীত বিশ্বকৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনিৰ আঁত ধৰে আঞ্চলিকৰ উপদেষ্টা অঞ্জল লিম্বুৱে। এই অনুষ্ঠানতে সুনীতা লিম্বুৰ প্ৰশিক্ষক সৰুপথাৰ উৰিয়ামঘাটৰ অমৰ সিং লিম্বুকো বিশেষভাৱে সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ মেৰাপানীৰ সুনীতা লিম্বুৰ
ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in