ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, ধেমাজি : অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভাৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ১৮ সংখ্যক সদৌ অসম মনজিত গগৈ সোঁৱৰণী গল্প প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷ এক উদুলিমুদুলি পৰিৱেশত পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ধেমাজি সাহিত্য সভাৰ সভাপতি ড° লক্ষী বৰগোহাঁয়ে ৷

স্মৃতি তৰ্পণ কৰে ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বগেন গগৈয়ে ৷ স্মৃতি তৰ্পণ বেদীত মাল্যাৰ্পণ কৰে ধেমাজি সাহিত্য সভাৰ উপ-সভাপতি উষা বৰগোহাঁয়ে ৷ ইপিনে অসম সাহিত্য সভাৰ সদ্য প্ৰয়াত সভাপতি ড° বীৰেন্দ্ৰ নাথ দত্তৰ প্ৰতিকৃতিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়াই স্মৃতি তৰ্পণ কৰাৰ বিপৰীতে মাল্যাৰ্পণ কৰে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিমল ৰাজখোৱাই ৷

ইফালে শ্বহীদ মনজিত গগৈৰ প্ৰতিকৃতিত স্মৃতি তৰ্পণ কৰে ধেমাজিৰ বিশিষ্টসমাজসেৱী মুহি বৰগোহাঁয়ে ৷ মাল্যাৰ্পণ কৰে ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেন গগৈয়ে ৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভা আৰু বঁটা বিতৰণী সভাখনিৰ সভাপতিত্ব কৰে ধেমাজি সাহিত্য সভাৰ সভাপতি ড° লক্ষী বৰগোহাঁইয়ে ৷

সভাৰ আদৰণী ভাষণ আগবঢ়ায় ধেমাজি সাহিত্য সভাৰ সম্পাদক দীপেন ভিতৰুৱাল কোঁৱৰে ৷ সভাখনি উদ্বোধন কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েংগীয়াই ধেমাজি সাহিত্য সভাৰ প্ৰয়াত কাণ্ডাৰীসকলক স্মৰণ পৰি অসমীয়া সাহিত্য জগতলৈ ধেমাজি সাহিত্য সভাই আগবঢ়োৱা বৰঙণিক ভূয়সী প্ৰশংসা কৰে ৷ নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপেন দত্তই ২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা নৃশংস ঘটনাক সোঁৱৰণ কৰে আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিভাৱান ছাত্ৰ শ্বহীদ মনজিত গগৈৰ গুণ গৰিমাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে ৷

ইফলে বিশিষ্ট অতিথিৰ ভাষণত ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক , শিক্ষাবিদ কমল বাইলুঙে ধেমাজি সাহিত্যসভাৰ প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমানলৈকে সভাৰ ইতিহাসৰ সম্পৰ্কে বিস্তাৰিতভাৱে আলোকপাত কৰে ৷ সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উষা বৰগোহাঁই , নামেশ্বৰ কাৰ্দং , দীপক ভৰালী , ধেমাজি জিলা আটাছুৰ সভাপতি বাবুল বুঢ়াগোহাঁই , ধেমাজি পৌৰসভাৰ ৱাৰ্ড সদস্য ৰিংকু কোঁৱৰে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷

প্ৰায় ২ শতাধিক সাহিত্য অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত ধেমাজি সাহিত্য সভাৰ প্ৰয়াত প্ৰাক্তন সভাপতি সম্পাদকসকলৰ পৰিয়ালবৰ্গৰ লগতে জীৱিত প্ৰাক্তন সভাপতি সম্পাদকসকলক অভিনন্দন পত্ৰ তথা ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখযোগ্য যে সভাতে ধেমাজি সাহিত্য সভাই প্ৰকাশ কৰা আৰু ঝৰ্ণা বুঢ়াগোহাঁয়ে সম্পাদনা কৰা “বছৰৰ ধেমাজি কবিতা ২০২২” শীৰ্ষক কবিতা সংকলনটি ধেমাজি খণ্ড উন্নয়ন বিষয়া তথা বিশিষ্ট কবি নবীন কামানে উন্মোচন কৰাৰ বিপৰীতে মনজিত গগৈ সোঁৱৰণী গল্প প্ৰতিযোগিতাৰ বিজয়ী সকলৰ একত্ৰ গল্প সংকলন তথা পুষ্পা চুতীয়া আৰু বীনা সন্দিকৈয়ে যুটীয়াভাৱে সম্পাদনা কৰা “গল্প শিল্প“ দ্বিতীয় খণ্ড উন্মোচন কৰে জ্যেষ্ঠ সাংবিদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷

সভাতে সভাৰ প্ৰাক্তন সম্পাদক সুৰেন্দ্ৰ বুঢ়াগোহাঁইৰ উপন্যাস “লেচিয়ালৈ কিমান দূৰ ” শীৰ্ষক উপন্যাসখন উন্মোচন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত ভাগৱতীয়ে ৷ প্ৰণিধানযোগ্য যে ধেমাজি সাহিত্য সভাই অনুষ্ঠিত কৰা ১৮ সংখ্যক মনজিত গগৈ সোঁৱৰণী চুটি গল্প প্ৰতিযোগিতাৰ এইবছৰৰ শ্ৰেষ্ঠ প্ৰতিযোগী অসম জাতীয় বিদ্যালয় , গুৱাহাটীৰ নুনমাটিৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদাক অভিনন্দন পত্ৰ , কিতাপৰ টোপোলা , নগদ টকাৰে পুৰস্কৃত কৰা হয় ৷

ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
মহানগৰীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in