দেৰগাঁৱত মেধাৱী ছাত্ৰীৰ আত্মহত্যা : উদ্ধাৰ চুইচাইড নোট

দেৰগাঁৱত মেধাৱী ছাত্ৰীৰ আত্মহত্যা : উদ্ধাৰ চুইচাইড নোট

author-image
Asomiya Pratidin
New Update
ধেমাজিত দুই বন্ধুৰ শোকাৱহ মৃত্যু

ডিজিটেল সংবাদ,দেৰগাঁও : দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আফুৱা গাঁৱত মেধাৱী ছাত্ৰীৰ আত্মহত্যা। বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেবাংগনা হাজৰিকা নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ এই কাণ্ডকলৈ পৰিয়ালটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। অৱশ্যে কি কাৰণে ছাত্ৰীগৰাকীয়ে এই পথ বাচি ল'লে সেই সন্দৰ্ভত স্পষ্ট কাৰণ সম্প্ৰতি জানিব পৰা হোৱা নাই।

Advertisment

উল্লেখ্য যে দেবাংগনা চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈছিল। পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে লেখা এটা চুইচাইড নোটত নিৰাশাৰ বাবেই এই পথ বাছি লোৱাৰ কথা উল্লেখ আছে ।

প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা দেবাংগনাই পৰিয়ালৰ লোকৰ সৈতে সাধাৰণভাৱে কথা-বাৰ্তা পাতি নিশা গুবলৈ যায় যদিও বৃহস্পতিবাৰে পুৱা ডিঙিত কাপোৰেৰে চিপ লৈ থকাৰ অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এলেকাটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মৃত্যুৰ সময়ত ছাত্ৰীগৰাকীয়ে পিতৃ,মাতৃসহ এগৰাকী ভগ্নী এৰি থৈয় গৈছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰি বিয়লি মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে।

Also Read: টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীলৈ মৰাণবাসীৰ শ্ৰদ্ধাঞ্জলি

dergaon student Dergaon Police