টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীলৈ মৰাণবাসীৰ শ্ৰদ্ধাঞ্জলি

টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীলৈ মৰাণবাসীৰ শ্ৰদ্ধাঞ্জলি

author-image
Asomiya Pratidin
New Update
টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীলৈ মৰাণবাসীৰ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, মৰাণ : আউনীআটী বিশ্ববিদ্যালয়ৰ মৰাণ শাখাৰ উদ্যোগত আৰু পিয়লিনগৰ নামঘৰ পৰিচালনা সমিতিৰ সহযোগত লোক-সংস্কৃতিৰ সাধক সদ্যপ্ৰয়াত উমাকান্ত বৈৰাগীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। বৃহস্পতিবাৰে পিয়লি নগৰ নামঘৰত প্ৰয়াত উমাকান্ত বৈৰাগীদেৱৰ শ্ৰদ্ধাঞ্জলি সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাৰ আঁত ধৰে আউনীআটী বিশ্ববিদ্যালয়ৰ মৰাণ শাখাৰ সভাপতি ত্ৰৈলোক্য চেতিয়াই। প্ৰয়াত উমাকান্ত বৈৰাগীৰ প্ৰতিচ্ছবিত মুখ্য বন্তি গছি প্ৰজ্বলন কৰে পিয়লি নগৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী খগেন ভৰালীয়ে ।

উল্লেখযোগ্য যে উক্ত সভাখন এটি প্ৰাৰ্থনাৰে সভাখন আৰম্ভ কৰা হয় । অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ উপ-সভাপতি মানস হাজৰিকা,কোষাধ্যক্ষ লীলা গগৈ, সম্পাদক ৰঞ্জিত বৰা,সহ-সম্পাদক সুশীল বৰগোহাঁই,সাংবাদিক সঞ্জীৱ বৰা আদিয়ে উমাকান্ত বৈৰাগীৰ অৱদানৰ বিষয়ে বক্তব্য ৰাখে।

সভাত টোকাৰী গীতৰ সম্ৰাট তথা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ত্ৰৈলোক্য চেতিয়াই কয় যে, উমাকান্ত বৈৰাগীদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ,প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে আউনীআটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰা হ'ব। অৱশ্যে এইক্ষেত্ৰত ৰাইজৰো সহায়,সহযোগ আৰু পৰামৰ্শ কামনা কৰে।

Also Read: গহপুৰৰ কাউৰীপথাৰ সাপ্তাহিক বজাৰ বন্দোবস্তিৰ নামত ব্যাপক অনিয়ম

Maran Umakant Bairagi tribute