আইৰণ টেবলেট খাই কাজিৰঙাত অসুস্থ ছাত্ৰী

আইৰণ টেবলেট খাই কাজিৰঙাত অসুস্থ ছাত্ৰী

ডিজিটেল সংবাদ, কাজিৰঙা: আইৰণ টেবলেট খাই সোমবাৰে কাজিৰঙাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰী অসুস্থ হৈ পৰে৷ ঘটনাটো সংঘটিত হয় কাজিৰঙাৰ চেপেনাকোবোৱা প্ৰাথমিক বিদ্যালয়ত৷

তথ্য অনুসৰি, সোমবাৰে দুপৰীয়াৰ মধ্যাহ্ন ভোজনৰ আধাঘণ্টা মানৰ পাছত প্ৰতি সোমবাৰে দিয়াৰ দৰেই বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক আইৰণ টেবলেট খাবলৈ দিয়ে৷ বিদ্যালয়খনৰ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছাকৃতভাৱে মধ্যাহ্ন ভোজন নকৰাৰ বাবে আইৰণ টেবলেট খোৱাৰ পৰা বিৰত থাকে৷

ইপিনে, বাকী ছাত্ৰ-ছাত্ৰীসকলে টেবলেট খোৱাৰ কিছু সময়ৰ পাছতেই ৮ গৰাকী ছাত্ৰী অসুস্থ হৈ পৰে৷ লগে লগে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী লিলি শইকীয়াৰ নেতৃত্বত অসুস্থ ছাত্ৰীসকলৰ অভিভাৱকক খবৰ দি কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়লৈ নিয়া হয়৷ অৱশ্যে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতেই ছাত্ৰীসকলে সুস্থ অনুভৱ কৰাত কিছু সময়ৰ পাছতেই চিকিৎসালয়ৰ পৰা ঘৰলৈ প্ৰেৰণ কৰা হয়৷

আইৰণ টেবলেট খাই কাজিৰঙাত অসুস্থ ছাত্ৰী
প্ৰৱঞ্চনাৰ জালত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী : এটিএমৰ পৰা লুটিলে ২০ হাজাৰ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in