
ডিজিটেল সংবাদ নুমলীগড়: গোলাঘাট মৰঙিৰ ২নং দৈগ্ৰোং বাগানৰ নতুন লাইনত বিধ্বংসী ধুমুহাত নিশা বহুকেইটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। নিশা অহা এজাক প্ৰৱল ধুমুহাই নিমিষতে তচনচ কৰিলে ১০ টাৰো অধিক পৰিয়ালৰ বাসগৃহ।
হঠাৎ প্ৰকৃতিৰ এনে ভয়াৱহ তাণ্ডবৰ ফলত এতিয়া ভুক্তভোগী পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।বাসগৃহৰ ওপৰত গছ বাগৰি পৰাৰ ফলত পৰিয়াল কেইটা বিছনাৰ তলত সোমাই প্ৰাণৰক্ষা পৰে ৷
ধুমুহাই এইদৰে ক্ষতি কৰা এই দুখীয়া পৰিয়ালকেইটা এতিয়া উপায়হীন হৈ পৰিছে৷ মুকলি আকাশৰ তলত বৰষুণত তিতি থাকিব লগা হৈছে নিঠৰুৱা পৰিয়ালকেইটা । প্ৰশাসন তথা স্থানীয় বিধায়কক পৰিয়ালকেইটাক সকাহ দিয়াৰ দাবী জনাইছে ৰাইজে ৷