কাইলৈ শপতগ্ৰহণ, আজি এক অদ্ভুত সন্ধিক্ষণত উপনীত হোৱাৰ দিশে কৰ্ণাটকৰ ৰাজনীতি...

কাইলৈ শপতগ্ৰহণ, আজি এক অদ্ভুত সন্ধিক্ষণত উপনীত হোৱাৰ দিশে কৰ্ণাটকৰ ৰাজনীতি...

ডিজিটেল ডেস্ক : বহু চৰ্চিত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন । ৰাজনীতিৰ সকলো কৌশল ব্যৱহাৰ কৰিও পৰাস্ত হ'ব লগীয়া হ'ল বিজেপি । অৱশেষত শেষ হাঁহি মাৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছে । এসময়ত অস্তিত্বৰ সংকটত পৰা কংগ্ৰেছৰ হাতত আজি কৰ্ণাটকৰ শাসনৰ বাঘজৰী । কিন্তু তাৰ পাছতো স্বস্তিৰ নিশ্বাস ল'ব পৰা নাই কংগ্ৰেছে । কিয়নো সন্মুখত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান । যি প্ৰত্যাহ্বান সমাধান নকৰাকৈয়ে যুদ্ধত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ । সেইয়া আছিল মুখ্যমন্ত্ৰীৰ আসন সন্দৰ্ভত । কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ? পূৰ্বৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া নে কৰ্ণাটকত কংগ্ৰেছৰ জয় নিশ্চিত কৰা ডি কে শিৱকুমাৰ ?

কাইলৈ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান আৰু বৰ্তমানলৈকে কোনোধৰণৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই কংগ্ৰেছ । অৱশ্যে দলীয় সিদ্ধান্ত মানি লোৱাৰ প্ৰতিশ্ৰুতি দিছে দুয়োগৰাকী প্ৰভাৱশালী নেতাই । এনে মুহুৰ্তত কোনোবা এগৰাকী পিছ হুহকি অহা মানেই বিসম্বাদৰ থল । আৰু ইয়াৰ সোৱাদ পূৰ্বতেই পাই থৈছে কংগ্ৰেছে । তেনেস্থলত দুয়োগৰাকী নেতাক সন্তুষ্ট কৰি ৰখাৰ যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ব সম্পূৰ্ণ ৰূপে ।

তেনেস্থলত পুৱাৰে পৰাই এক অদ্ভুত সম্ভাৱণাই গা কৰি উঠিছে কৰ্ণাটকৰ ৰাজনীতিত । এই সম্ভাৱনা অনুসৰি, প্ৰথম দুবছৰৰ বাবে ছিদ্দাৰামায়া আৰু পৰৱৰ্তী তিনি বছৰৰ বাবে শিৱকুমাৰে লাভ কৰিব এই শাসনভাৰ । অৱশ্যে এই সিদ্ধান্ত এতিয়াও আনুষ্ঠানিকৰূপে ঘোষণা কৰা নাই কংগ্ৰেছৰ শীৰ্ষ মহলাই । কিন্তু এনে হোৱাৰে সম্ভৱনা এতিয়া অধিক হৈ দেখা দিছে ।

আনহাতে, এখন ৰাজ্যত এটা কাৰ্যকালতেই এটা দলৰেই দুগৰাকীকৈ মুখ্যমন্ত্ৰী নতুন কথা নহয় ভাৰতবৰ্ষৰ বাবে । ইয়াৰ পূৰ্বেও বিভিন্ন কাৰণত ২০১০ বৰ্ষত মেঘালয়ত ফ্ৰাইডে লিংডো আৰু ডি ডি লাপাং একে সময়তেই মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । অৱশ্যে মেঘালয় আৰু কৰ্ণাটকৰ ৰাজনৈতিক পৰিৱেশ সম্পূৰ্ণ পৃথক । তেনেস্থলত  কংগ্ৰেছ চৰকাৰে অতি শীঘ্ৰেই এক সিদ্ধান্তত উপনীত হোৱা দৰকাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in