গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিশেষ প্ৰতিনিধি সভা...

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিশেষ প্ৰতিনিধি সভা...

ডিজিটেল সংবাদ, গোলাঘাটঃ ১৯৬৫ চনতে প্ৰতিষ্ঠা হোৱা ৬০বৰ্ষ গৰকা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ দেওবাৰে বিশেষ প্ৰতিনিধি সভা আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰদান অনুষ্ঠান এমেচাৰ থিয়েটাৰ চ'ছাইটি প্ৰেক্ষাগৃহ গোলাঘাটত দিনযোৰা কায্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে।

স্মৃতি তৰ্পণ কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰীন বৰাই। ইয়াৰ পিছতে বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণি হয়। বঁটা প্ৰদান অনুষ্ঠানটিৰ সভাপত্বিত কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক গিৰীন বৰাই।

অনুষ্ঠানটি উদ্ধোধন কৰে শিক্ষাবিদ তথা বোলছবিৰ পৰিচালক দীনেশ গগৈয়ে। আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য উপদেষ্টা অপূৰ্ব বল্লভ গোস্বামীয়ে। তুলসী প্ৰসাদ দত্তক চেলেং, গামোছা, ট্ৰফী, সঁফুৰা, জাপি সম্বৰ্ধনা পত্ৰ আৰু নগদ ১০ হাজাৰ টকা প্ৰদান কৰে।

সভাত প্ৰৱীণ সাংবাদিক অপূৰ্ব বৰুৱা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ তামুলী, সংস্থাৰ উপদেষ্টা মাখন লাল বাঢ়ৈ, সোনাৰাম ভঁৰালী, মহেন্দ্ৰ নাথ হাজৰিকা, দুগ্ধ দত্ত, প্ৰয়াত সংবাদিক কৌস্তভমণি হাজৰিকাৰ সহৰ্ধমিনী ৰশ্মিতা হাজৰিকা সহ ভালে সংখ্যক ৰাইজ আৰু সাংবাদিক সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিশেষ প্ৰতিনিধি সভা...
বিশ্ব চেম্পিয়ন বেদব্ৰতৰ হেৰুওৱা দৰ্খাস্ত খন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in