বিশ্ব চেম্পিয়ন বেদব্ৰতৰ হেৰুওৱা দৰ্খাস্ত খন...

বিশ্ব চেম্পিয়ন বেদব্ৰতৰ হেৰুওৱা দৰ্খাস্ত খন...

মৃদুল কুমাৰ সন্দিকৈ

“মোক অলপ সহায় লাগে। মই বেদব্ৰত দেউৰী ভৰালী। ভাৰোত্তোলনৰ প্ৰশিক্ষণ লৈ আছো নেচনেল চেণ্টাৰ অৱ এক্সিলেন্স পাটিয়ালা, পাঞ্জাৱত। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ মধুপুৰ দেউৰী গাঁৱত।

মই ইতিমধ্যে নয়দাত অনুষ্ঠিত কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ ২০২৩ত সোণৰ পদক, এছিয়ান ইউথ এণ্ড জুনিয়ৰ ৱেইটলিফটিং চেম্পিয়নশ্বিপত দুটা সোণ আৰু এটা ছিলভাৰ পদক, ‘ৱৰ্ল্ড ৱেইটলিফটিং চেম্পিয়নশ্বিপ ২০২৩’ ত ব্ৰঞ্জৰ মেডেল লাভ কৰিছো।

মই বৰ দৰিদ্ৰ পৰিয়ালৰ ল’ৰা। মোৰ দেউতা এজন দৈনিক হাজিৰা কৰা লোক। আপোনাৰ আৰ্থিক সাহাৰ্যই মোক এই খেলত ভালদৰে মনোনিৱেশ কৰাত সহায় কৰিব। মোক উপযুক্ত পুষ্টিকৰ খাদ্যগ্ৰহণ কৰাৰ বাবে সহায়ক হ’ব।‘

এইদৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগলৈ আবেদন কৰিছিল এজন ১৭বছৰীয়া যুৱকে। ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা এই আবেদনৰ কোনো ফল নাহিল। ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালকলৈ প্ৰেৰণ কৰা আবেদনখন হয়তো ক’ৰবাত হেৰাল !

একেখন আবেদনে তেঁও কৰিছিল ষ্টেট লেভেল এডভাইচেৰী কমিটি ফৰ ষ্টুডেণ্ট এণ্ড ইউথ ৱেলফেয়াৰৰ সদস্য সচিবলৈ। সেই আবেদনৰো কোনো প্ৰত্যুত্তৰ নাহিল। তথাপিও হতাশ নহৈ তেঁও চলাই গৈছিল প্ৰস্তুতি।

আজি আমি গৌৰৱ কৰা অসম সন্তান বেদব্ৰত দেউৰী ভৰালীৰ আবেদন আছিল এয়া। পঞ্চম শ্ৰেণীত থাকোতেই তেঁওক গাঁৱৰ ঘৰৰ পৰা বশিষ্ঠ দেউৰীয়ে লৈ আহিছিল ডিব্ৰুগড় চহৰলৈ। অসমী সংঘত তেঁও ভাৰোত্তোলনৰ প্ৰশিক্ষণ দিছিল।

বিচাৰি ফুৰিছিল ভাল প্ৰতিভা বশিষ্ঠ দেউৰীয়ে। দেউৰী নিজেও এগৰাকী অভিজ্ঞ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। বিনা পাৰিশ্ৰমিকেৰে প্ৰতিভাধাৰী সকলক সু-সংগঠিত ৰূপত ভাৰোত্তোলনৰ আদিপাঠ শিকাইছিল তেঁও।  চহৰৰ অভিভাৱক সকলে ল’ৰা-ছোৱালীক এই খেলৰ প্ৰশিক্ষণৰ বাবে নপঠায়। দুখ পাব বুলি ভয় কৰে।

বেদব্ৰতৰ বয়স তেতিয়া ৮/৯ বছৰ। ডিব্ৰুগড়ত তেঁওৰ পেহীয়েকৰ ঘৰ আছিল। পেহীয়েকৰ ঘৰতে থাকি দিনটোত ৩বাৰকৈ ভাৰোত্তোলনৰ প্ৰশিক্ষণ লৈছিল অসমী সংঘত। পৰীক্ষা দিবলৈহে তেঁও গাঁৱৰ ঘৰলৈ গৈছিল। স্কুলৰ পৰীক্ষাতো সফলতা বুটলিছিল বেদব্ৰতে। ৯০শতাংশৰ ওপৰতে তেঁও নম্বৰ পাইছিল।

প্ৰশিক্ষক বশিষ্ঠ দেউৰীয়ে বৰ আন্তৰিকতাৰে ল’ৰা-ছোৱালীবোৰক এই খেলৰ সৈতে একাত্ম হোৱাৰ পৰিৱেশ দিছিল। নিজৰ জেপৰ ধন খৰচ কৰি দৰিদ্ৰ বহু প্ৰতিভাক গঢ়িবলৈ যত্ন কৰি গৈছিল। বেদব্ৰতক যি কৰিবলৈ কৈছিল, তাকেই তেঁও কৰিছিল একাগ্ৰতাৰে। বহু মৰম কৰিছিল বশিষ্ঠ দেউৰীয়ে বেদব্ৰতক। সেয়েহে মৰমতে বেদব্ৰতক ‘পোৱালি’ বুলি মাতিছিল।

নিজেই উদ্যোগ লৈ বেদব্ৰতক সেনাৰ তত্বাৱধানত থকা এই প্ৰশিক্ষণ কেন্দ্ৰলৈ নিৰ্বাচন কৰি পঠাইছিল। অসুবিধা পালেই বেদব্ৰতে বশিষ্ঠ দেউৰীক ফোন কৰিছিল। আন সমস্যাৰ লগতে আৰ্থিক সমস্যাৰ কথাও কৈছিল। কৈছিল- ‘এই আবেদন কেইখনৰ কথা। ক্ৰীড়া বিভাগে দিয়া স্ক’লাৰশ্বিপ পোৱা হ’লে সহায় হ’লহেতেঁন বুলি হুমুনিয়াহ এৰিছিল। অসমী সংঘত বহু আন্তঃগাঁথনি নাই।

যিখিনি আছে সেয়াই বশিষ্ঠ দেউৰীয়ে উপযুক্ত ব্যৱহাৰ কৰিছিল। তেঁও চিনিছিল গাঁৱত থকা ক্ৰীড়াক্ষেত্ৰৰ হীৰাবোৰ। বাচি বাচি তুলি আনিছিল এইবোৰ। তেনে এটুকুৰা হীৰাই আছিল বেদব্ৰত।প্ৰচাৰৰ পৰা দূৰৈত থকা বেদব্ৰতে কঠোৰ পৰিশ্ৰম কৰিছিল। শেহতীয়াকৈ পেৰুলৈ গৈছিল এইগৰাকী খেলুৱৈ।

পেৰুৰ ৰাজধানী চহৰ লিমাত অনুষ্ঠিত হৈছিল বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাত ইতিহাস ৰচিছিলে বেদব্ৰতে। স্মেটছ শাখাত ১৩৬ কিলো আৰু ক্লীন এণ্ড জাৰ্ক শাখাত ১৬০ কিলো ভাৰোত্তোলনেৰে মুঠ ২৯৫ কিলো ভাৰ তুলি তেঁও জিনিলে বিশ্বৰ শ্ৰেষ্ঠত্ব।

পিচ পৰি ৰ’ল আমেৰিকাৰ ৰিয়ান মেট্ৰিক মেকড’ণাল্ড। দ্বিতীয় স্থানত থাকিল মাৰ্কিন খেলুৱৈগৰাকী। ৭৩ কেজি শাখাত অসমৰ বেদব্ৰত হ’ল বিশ্বৰ শ্ৰেষ্ঠ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এয়াই তেঁওৰ প্ৰথম সফলতা নহয়। এটা বছৰৰ পূৰ্বে আলবেনিয়াৰ ডুৰেছ চহৰত অনুষ্ঠিত হোৱা বিশ্ব যুৱ চেম্পিয়নশ্বিত তেঁও ২৬৭ কেজি উত্তোলনেৰে ব্ৰঞ্জৰ পদক পাইছিল।

সেই ব্ৰঞ্জৰ পদকেই ২০২৪ত সোণলৈ সলনি হ’ল। বিশ্ব যুৱ চেম্পিয়নশ্বিপত এয়াই ভাৰোত্তোলনত কোনো এগৰাকী ভাৰতীয় খেলুৱৈৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। ইয়াৰ পূৰ্বে মিজোৰামৰ জেৰেমি লালকিংনুগগায়ে ৰূপৰ পদক লাভ কৰিছিল।

অবিশ্বাস্য এই সফলতা লাভ কৰা বেদব্ৰতে ২০২৩ত ৩খন আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শীৰ্ষ হৈছিল। এই ফলাফলে তেওঁক অধিক আত্মবিশ্বাসী কৰিলে। খেলৰ পাছতে গুৰু বশিষ্ঠ দেউৰীলৈ হোৱাটছ এপত ফোন লগালে। সেই সুখবৰটো দিলে। লগতে ক’লে- প্ৰেকটিছত মই ইয়াতকৈ ভাল ফলাফল দাঙি ধৰিছিলো।

এজন প্ৰকৃত খেলুৱৈৰ এয়াইতো চৰিত্ৰ। নিজৰ অন্তিম সফলতাকেই শ্ৰেষ্ঠ বুলি নাভাৱে কেতিয়াও। আৰু অধিক ভাল প্ৰদৰ্শনৰ বাবে সদায়ে নিজক প্ৰস্তুত কৰি তোলে। পেৰুৰ পৰা ঘুৰি অহাৰ পাছত কেইবাখনো প্ৰতিযোগিতাৰ বাবে তেওঁ সাজু হ’ব লাগিব।

এনে এগৰাকী দক্ষ আৰু আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত খেলুৱৈৰ বাবেও নাই নেকি অকণো মৰম দিছপুৰৰ! বেদব্ৰত দেউৰী ভৰালী নহয় নেকি ৰাজ্য চৰকাৰে প্ৰদান কৰা ক্ৰীড়া স্কলাৰশ্বিপৰ বাবে উপযুক্ত!

ৰাজ্য চৰকাৰে উত্তৰ-পূব তথা অসমক ক্ৰীড়াৰ হাব ৰূপত গঢ়ি তোলাৰ কথা কয়। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমক দেশৰ ক্ৰীড়া ৰাজধানী ৰূপত তুলি ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেনে পৰিৱেশৰ মাজত বেদব্ৰতৰ দৰে খেলুৱৈয়ে যদি স্কলাৰশ্বিপ বিচৰাৰ দৰ্খাস্ত খনেই নিৰুদ্দেশ হৈ যায়, আন খেলুৱৈৰ ক্ষেত্ৰত কি হ’ব পাৰে!

বেদব্ৰতে বিশ্ব চেম্পিয়নশ্বিপ খেলিবলৈ যোৱা পূৰ্বে ৰাজ্য চৰকাৰৰ পৰা সেই সহযোগ পাম বুলি আশা কৰিছিল। তেনে সাহাৰ্য্য বা সহযোগৰ অবিহনেই বেদব্ৰত আজি বিশ্ব চেম্পিয়ন হ’ল। এতিয়া বেদব্ৰতে ক্ৰীড়া বিভাগৰ সেই ফেলশ্বিপ বা স্কলাৰশ্বিপ পোৱাৰ যোগ্য হৈছেনে! বিচাৰ কৰক এই কথা দিছপুৰে, বিচাৰ কৰি ব্যৱস্থা লওঁক ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিক্ৰমাৰ সঞ্চালক তথা বিভাগীয় মন্ত্ৰীয়ে। গৃহ জিলা ডিব্ৰুগড়ৰ এই প্ৰতিভাধাৰী খেলুৱৈজনৰ কাষত এইবাৰ নিশ্চয় থিয় দিব সৰ্বানন্দ সোণোৱালে...

বিশ্ব চেম্পিয়ন বেদব্ৰতৰ হেৰুওৱা দৰ্খাস্ত খন...
অসন্তুষ্ট অধ্যক্ষঃ GUৰ ধন ঘটা মেচিন নেকি আমি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in