শেনছোৱাত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান‌ আৰু‌ চাহ খেতি বিষয়ক কৰ্মশালা

শেনছোৱাত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান‌ আৰু‌ চাহ খেতি বিষয়ক কৰ্মশালা

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ শেনছোৱা বৰনামঘৰ‌ প্ৰাঙ্গণত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান‌। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা,শেনছোৱা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ভাৰতীয় চাহ বোৰ্ড গোলাঘাট আঞ্চলিকৰ যৌথ উদ্যোগত মঙলবাৰে চাহ খেতি বিষয়ক এক কৰ্মশালা আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

শেনছোৱা বৰনামঘৰ প্ৰাঙ্গণত থকা শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক ৰত্নেশ্বৰ তামুলীয়ে । কাৰ্যসূচী অনুসৰি কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে সদ্য প্ৰয়াত অসমৰ যশস্বী শিল্পী সুদক্ষিণা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

এই কাৰ্যসূচী সমাপন কৰে গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপদেষ্টা পূৰ্ণ বৰাই । ইয়াৰ লগে লগে অনুষ্ঠিত হোৱা কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ আৰম্ভণিতে অনুষ্ঠানটিত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।

অভিনন্দন অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক সাৰুৱা অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক সমীৰণ দিগন্ত বৰাই । ইয়াৰ পিছতে গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰমোদ‌ দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি এক শুভেচ্ছামূলক‌ বক্তব্য আগবঢ়ায় ।

অভিনন্দন অনুষ্ঠানত শেনছোৱা তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰপৰা এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ২৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । পৰৱৰ্তী পৰ্যায়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক লাভান্বিত কৰাৰ উদ্দেশ্যে ৰখা কৰ্মশালাত সমল‌ ব্যক্তি হিচাপে উপস্থিত থাকি চাহ খেতিৰ বিভিন্ন দিশ,গুৰুত্ব,চাহৰ চাহিদা,চাহৰ গুণগত মান,কেঁচা চাহৰ মূল্য আদিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে গোলাঘাট চাহ বোৰ্ডৰ সহ- সঞ্চালক অৰূপজ্যোতি দাসে ।

এই সমগ্ৰ কাৰ্যসূচীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপ-সভাপতি খনীন্দ্ৰ শইকীয়া,শেনছোৱা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰাক্তন সভাপতি হৰেন বৰা, শেনছোৱা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি কমলেশ্বৰ বৰা,শেনছোৱা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপ-সভাপতি বসন্ত বৰা,শিক্ষক তথা সমাজকৰ্মী ৰাকেশ বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি,ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু বহু সংখ্যক স্থানীয় চাহ খেতিয়ক উপস্থিত থাকে ।

শেনছোৱাত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান‌ আৰু‌ চাহ খেতি বিষয়ক কৰ্মশালা
শিলগোঁসানী থান শাখা সাহিত্য সভাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান-সাহিত্যালোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in