শিলগোঁসানী থান শাখা সাহিত্য সভাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান-সাহিত্যালোচনা

শিলগোঁসানী থান শাখা সাহিত্য সভাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান-সাহিত্যালোচনা

author-image
Asomiya Pratidin
New Update
শিলগোঁসানী থান শাখা সাহিত্য সভাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান-সাহিত্যালোচনা

ডিজিটেল সংবাদ,নলবাৰী : "নতুন প্ৰজন্মই আমাৰ ভাষাটোক শ্ৰদ্ধাৰে আকোঁৱালি ললেহে মাতৃভাষা মহীয়ান হ'ব। মাতৃভাষা এটা জাতিৰ ভাষা-সাহিত্যৰ উত্তৰণৰ মূল আধাৰ।" এই মন্তব্য বিশিষ্ট শিক্ষাব্ৰতী,অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিত শৰ্মাৰ।

Advertisment

মঙলবাৰে নলবাৰীৰ উত্তৰ প্ৰান্ত ঐতিহাসিক শিলগোঁসানী থানত,বিতোপন শৰ্মাৰ সোঁৱৰণত সম্বৰ্ধনা অনুষ্ঠান। শিলগোঁসানী শাখা সাহিত্য সভা আৰু উপাসনা মিউজিক একাডেমীৰ উদ্যোগত ২০২৩ বৰ্ষত উচ্চ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীসকলক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে সাহিত্যালোচনা সম্পন্ন হয়।

শিলগোঁসানী থান শাখা সাহিত্য সভাৰ সভাপতি প্ৰিয়নাথ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ড০ শৰ্মাই আকৌ কয় যে জীৱনৰ ৫টা বছৰ ত্যাগ কৰিলে, শ্ৰম কৰিলে অনাগত ৫০ বছৰৰ বাবে ফচল উপভোগ কৰি থাকিব পাৰি । নিজৰ ভৱিষ্যত নিজে গঢ়িব লাগিব।

নৱ প্ৰজন্ম বিপথগামী ঘৰখনত কান্দোনৰ ৰোল উঠে । সমাজখনত অসূয়া , অশান্তিয়ে বিৰাজ কৰে আৰু জাতিটোৰ ভবিষ্যত ধ্বংস হয়। শিক্ষাব্ৰতী আজাম আলীয়ে আঁত ধৰা আৰু উদ্দেশ্যে বাখ্যা কৰা সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা।

নাট্যকাৰ তথা সাহিত্যিক শৰ্মাই সাহিত্যৰ বিশ্লেষণাত্মক বাখ্যা আগবঢ়াই কয় জীৱনৰ অসীম অনন্ত সৌন্দৰ্যক কথা আৰু ৰঙৰ আবিৰেৰে শিল্পী, সাহিত্যিকে মনোৰমকৈ প্ৰকাশ কৰিছে। দৰাচলতে সাহিত্য এক নান্দনিক স্থাপত্য সমৃদ্ধ অন্তহীন যাত্ৰা।

জীৱনৰ, সপোনৰ আৰু ৰূঢ় বাস্তৱৰ । সাহিত্যক ভাল পোৱা বিদ্যাৰ্থীয়ে শিক্ষা জীৱনৰ ৰোমাঞ্চ,শিহৰণ উপলদ্ধি কৰিব পাৰে । আন এগৰাকী বিশিষ্ট অতিথি ডাঃ বিপিন চন্দ্ৰ কলিতাই শিক্ষা অবিহনে জীৱনে পূৰ্ণ ৰূপ নাপাই বুলি মন্তব্য কৰে।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সদ্য পি, এইচ, ডি প্ৰাপক ডঃ অৰূপ ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। য'ত উপস্থিত আছিল ৰাজ্যিক কৃতী শিক্ষক দিলীপ পাঠক, খুখুন্দি উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ কামিনী ঠাকুৰীয়া, সাহিত্য সেৱী প্ৰমোদ কলিতা, পঞ্চায়ত সভানেত্ৰী মঞ্জু দেৱী, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ওচমান গণি , সাহিত্য সেৱক উদয় শৰ্মা, ভূপেন তালুকদাৰ আদি বিশিষ্ট ব্যক্তিয়ে মঞ্চৰ শোভা বৰ্দ্ধন কৰে । উল্লেখযোগ্য যে অনুষ্ঠানত প্ৰায় ৫০গৰাকী কৃতীমান বিদ্যাৰ্থীক ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

Also Read: ঘাঁহিগাঁৱৰ বনালয় সেইজ প্ৰকল্পত গ্ৰন্থ উন্মোচন

Felicitation ceremony