মোবাইলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ

গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত নামচনীয়া ৰঙাগড়াত দেওবাৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
মোবাইলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত নামচনীয়া ৰঙাগড়াত দেওবাৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে আজি দিনৰ ১-৩০ মান বজাত ৰঙাগড়াত আশাৰাম কৰ্মকাৰে (৫০) পত্নী ফোল কৰ্মকাৰ ( ৪৭) আৰু পুত্ৰ নৱজিৎ কৰ্মকাৰৰ (১৯) লগত একেলগে মদ্যপান কৰি থাকোতে এটা মোবাইলৰ বিষয়ক লৈ পিতা-পুত্ৰৰ মাজত দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত ঘটে ।

এই কাজিয়াৰ ইমানেই চূড়ান্ত পৰ্যায় পায়গৈ যে পিতা-পুত্ৰ দুয়োৱে নিজৰ একমাত্ৰ থকা বাঁহৰ ঘৰটো ভাঙি কাটি চুৰমাৰ কৰি পেলায়। তাৰপাছতে পুত্ৰই এখন কোৰেৰে পিতৃ আশাৰামক মূৰত কোবাই কোবাই হত্যা কৰে। পিতৃৰ অধিক ৰক্তক্ষৰণ হৈ ঘৰৰ চোতালত থিতাতে মৃত্যু হয়।

ঘটনাৰ পাছত কমাৰবন্ধাৰ আৰক্ষীয়ে ততাতোয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত নৱজিতক কৰায়ত্ত কৰি থানালৈ লৈ আনে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: ওদালগুৰি জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৰ বিপিএফত যোগদান

crime Assam police