চোৰাং কাঠ সৰবৰাহৰ কৰিডৰলৈ পৰিণত কাজিৰঙা...

চোৰাং কাঠ সৰবৰাহৰ কৰিডৰলৈ পৰিণত কাজিৰঙা...
চোৰাং কাঠ সৰবৰাহৰ কৰিডৰলৈ পৰিণত কাজিৰঙা...

ডিজিটেল সংবাদ কাজিৰঙাঃ চোৰাং কাঠ সৰবৰাহৰ কৰিদৰ হৈ পৰিছে কাজিৰঙাৰ ৰাজপথ ৷ শেহতীয়াকৈ বন বিভাগৰ অভিযানত দুখনকৈ চোৰাং কাঠ ভৰ্তি বাহন জব্দ হোৱা বিষয়টোৱে এই কথাকেই প্ৰমাণ কৰে।

বন বিভাগৰ অভিযানত জব্দ হোৱা দুখনকৈ মূল্যবান চোৰাং কাঠ ভৰ্তি ট্ৰাকৰ নম্বৰ ক্ৰমে BR 06GD 3440 আৰু AS 01NC1897 । এই দুয়োখন ট্ৰাক জব্দ কৰি গোচৰ ৰুজু কৰিছে বাগৰী বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই।

উল্লেখ্য যে বন ধ্বংস কৰি উজনি অসমৰ পৰা চোৰাং ভাৱে কাঠ কঢ়িয়াই অনা এই দুয়োখন ট্ৰাক জব্দ কৰে বাগৰী বনাঞ্চলৰ বিষয়া কৰ্মচাৰীয়ে ৷ তথ্য অনুসৰি দুয়োখন বাহনৰে নাই কাঠ কঢ়িওৱাৰ বৈধ নথিপত্ৰ।

নাই গাড়ীৰো উপযুক্ত নথিপত্ৰ ৷ প্ৰশাসন আৰু বন বিভাগৰ ইমানবোৰ তালাচীৰ পাছতো কাজিৰঙাৰ বাগৰী বনাঞ্চলে দেখুওৱা কৰ্মক শলাগ লৈছে বহুজনে ৷ বিপৰীতে কৃষক সভা, অসম ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক প্ৰণৱ দলেৰ দাৱী চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ মাষ্টাৰমাইণ্ডসকলক চিনাক্ত কৰি উচিত শাস্তি দিয়ক মুখ্যমন্ত্ৰীয়ে ৷

এফালে কৰিডৰেদি চোৰাং ব্যৱসায় চলিবলৈ দিয়া চৰকাৰে আনফালে গছ পুলি ৰোপনৰ কথা কোৱাটো লজ্জাজনক বুলিও মত ব্যক্ত কৰে দলেয়ে ৷ লগতে তেওঁ কয় যে, কাজিৰঙাত জব্দ হোৱা দুয়োখন ট্ৰাকৰ গৰাকী আৰু মুখ্য নেতৃত্ব বহন কৰা লোকসকলক শাস্তি প্ৰদান কৰক চৰকাৰে ৷

ইফালে যুৱ ছাত্ৰ পৰিষদে অতি সোনকালে দুয়োখন ট্ৰাকৰ মাষ্টাৰমাইণ্ডক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

চোৰাং কাঠ সৰবৰাহৰ কৰিডৰলৈ পৰিণত কাজিৰঙা...
আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশনঃ মণিপুৰ প্ৰসংগৰে উত্তাল হোৱাৰ সম্ভাৱনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in