বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাটত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ...

বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাটত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাটত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ...

বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাটত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ গোলাঘাটঃ কেঁচা চাহপাতৰ উচিত মূল্য দিয়া, ৰেহাই মূল্যত ক্ষুদ্ৰ চাহ খেতিয়কক সাৰৰ যোগান ধৰা, বটলীফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক কৰি অহা শোষন বন্ধ কৰা আদিৰ দাবীত আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট চহৰৰ ত্ৰিমূৰ্তিক্ষেত্ৰত অৱস্থান ধৰ্মঘট পালন কৰে।

Advertisment

খেতিয়ক সন্থাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত কয় যে, এক কিলোগ্ৰাম কেঁচা চাহপাতৰ উৎপাদন ব্যয় ২৪ টকা, তেনেস্থলত বটলীফ ফেক্টৰীসমূহে প্ৰতিকিলো কেঁচা চাহপাতত ১৫ ৰ পৰা ২০ টকা দি ক্ষুদ্ৰ চাহ খেতিয়কসকলক শোষণ কৰি আহিছে।

সেয়েহে কেঁচা পাতৰ উচিত মূল্য দিবৰ বাবে সংশ্লিষ্ট পক্ষসমূহক বাধ্য কৰাবলৈও চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰে। অন্যহাতে পাম তেলৰ খেতি বন্ধ কৰি ৰাজ্যখনৰ জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবলৈও সন্থাই দাবী উত্থাপন কৰে।

Also Read: কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃ আটক ৩ জন...

ক্ষুদ্ৰ চাহ খেতিয়ক