মাক আৰু মৰম : মাকৰ সৈতে এটি কণমানি গঁড় পোৱালিয়ে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

মাকৰ সৈতে উমলি- জামলি স্তনপান কৰি থকা এনে দৃশ্য অতি দুলৰ্ভ

author-image
Asomiya Pratidin
New Update
মাক আৰু মৰম : মাকৰ সৈতে এটি কণমানি গঁড় পোৱালিয়ে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

ডিজিটেল সংবাদ,কাজিৰঙা : পুৱাই কাজিৰঙাত দেখা পোৱা গ'ল মাক-পোৱালী গঁড়ৰ নান্দনিক দৃশ্য। বাগৰি বনাঞ্চলৰ ডোঙ্গা পৰ্যটন পথৰ নিচেই কাষতে মাক আৰু পোৱালী গঁড়ৰ বিচৰণৰ নান্দনিক দৃশ্য বন্দী হ'ল কেমেৰাত।

Advertisment

সততে নেদেখা নয়নাভিৰাম দৃশ্য দেখি আপ্লুত হ'ল পৰ্যটক। মাকৰ সৈতে উমলি- জামলি স্তনপান কৰি থকা এনে দৃশ্য অতি দুলৰ্ভ। মাতৃৰ মমতাময়ী স্নেহৰ ছবিখন পৰিস্ফুত হ'ল এই দৃশ্যত।

পোৱলীটোৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে মাকে। মাতৃৰ সাহসতে যেন কণমানি গঁড় পোৱালিটো আপোন পাহৰা হৈ উমলিছে উদ্যানখনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ এই দৃশ্য উপভোগ কৰি আনন্দিত হৈছে দেশী- বিদেশী পৰ্যটক।

Also Read: বাক্সাৰ খাৰুৱাগাঁৱত ভোগালী বিহু উদযাপন

kaziranga national park rhino