গোলাঘাটত ৰাইজৰ অভিযানত উৎখাত দেহ ব্যৱসায়ৰ ঘাটি

প্ৰতিষ্ঠানটিৰ পৰা আটক কৰা যুৱক-যুৱতীহালক ৰাইজে উত্তম-মধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক

author-image
Asomiya Pratidin
New Update
গোলাঘাটত ৰাইজৰ অভিযানত উৎখাত দেহ ব্যৱসায়ৰ ঘাটি

ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ পূব আমোলাপাট্টিত ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ৰ ঘাটি। ডিম্বেশ্বৰ গগৈ নামৰ পথৰ কাষৰ আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাই একাংশ ৰাইজে উৎখাত কৰে।

Advertisment

আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটিৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতী আৰু এজন যুৱকক। আনহাতে প্ৰতিষ্ঠানটোত থকা আন একাংশ যুৱকে ৰাইজৰ অভিযানৰ উমান পাই পলায়ন কৰা বুলি জানিব পৰা গৈছে।

ইফালে ৰাইজৰ অভিযানৰ পিচতে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে প্ৰতিষ্ঠানটিৰ পৰা আটক কৰা যুৱক-যুৱতীহালক ৰাইজে উত্তম-মধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক।

Also Read: পঢ়ুৱাই থকাৰ সময়তে ছাত্ৰীক দিলে অশ্লীল ইংগিত

Golaghat Police Assam police