/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/70d0f50e-6222-4026-b939-370f58050991/565.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : ভণ্ড তান্ত্ৰিকৰ কবলত পৰিছে কাজিৰঙাৰ ম'হপাৰা গাঁৱৰ কেইবাটাও পৰিয়াল। দুগৰাকী ভণ্ড তান্ত্ৰিকে যাদু-মন্ত্ৰ কৰি ধন লুটি নিয়াৰ অভিযোগ তুলিছে ৰাইজে ।
উল্লেখ্য যে পূৰ্বে বহুবাৰ এনে ঘটনা সংঘটিত কৰি আহিছিল দুই ধৃতই। অৱশেষত শুকুৰবাৰে ম'হপাৰা অঞ্চলত ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই তান্ত্ৰিকৰূপী চোৰ দুটাক।
পৰৱৰ্তী সময়ত চোৰ দুটাক ধৰি ৰাইজে আৰক্ষীক গতাই দিয়ে। ধৃত চোৰ দুটাৰ নাম হৈছে মহম্মদ আলীৱ খান আৰু মহম্মদ কৰিম হুছেইন। কহঁৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তান্ত্ৰিকৰূপী চোৰ দুটাক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
উল্লেখ্যে একাংশ লোকৰ অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি প্ৰবঞ্চনা কৰি ধন-সম্পত্তি লুট কৰি আহিছিল এনে একাংশ প্ৰবঞ্চকে।
Also Read: আলফাৰ সমৰ্থনত মন্তব্য কৰি আটক বালিপোতাৰ যুৱক