কোচবিহাৰৰ মধুপুৰ সত্ৰত মাধৱদেৱৰ আবিৰ্ভাৱ তিথি পালন...

কোচবিহাৰৰ মধুপুৰ সত্ৰত মাধৱদেৱৰ আবিৰ্ভাৱ তিথি পালন...

ডিজিটেল সংবাদ, ধুবুৰীঃ অসমীয়া সাহিত্য সংস্কৃতি তথা জাতীয় জীৱনৰ প্ৰতিটো দিশত প্ৰভাৱ বিস্তাৰ কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫তম পৱিত্ৰ আবিৰ্ভাৱ তিথি কোচবিহাৰৰ মধুপুৰ সত্ৰত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বয়নে জনোৱা মতে সত্ৰ সমিতিৰ স্থানীয় তদাৰক সমিতিৰ উদ্যোগত মহাপুৰুষ জনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।

পুৱা ৬ বজাত বৃক্ষ ৰোপনেৰে কাৰ্যসূচীৰ পাতনি মেলা হয় । ৯ বজাত সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ পৰিচালনাত নাম প্ৰসংগ আৰু ভাগৱত পাঠ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আবেলি ৩ বজাৰ পৰা তদাৰক সমিতিৰ সম্পাদক ডা: কেশৱ চন্দ্ৰ দাসৰ সভাপতিত্বত এখন ধৰ্মীয় সভা অনুষ্ঠিত হয়।

সভাত উত্তৰ বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰত শতাধিক ভকত বৈষ্ণৱে অংশগ্ৰহন কৰে। বংগৰ এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰা কেইবাগৰাকীও বক্তাই মাধৱদেৱৰ জীৱন পৰিক্ৰমাৰ ওপৰত বিশেষ বাখ্যা আগবঢ়াই । বক্তাসকলে শ্ৰীমন্ত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱদেৱে তেৰাক গুৰু বুজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ নামধৰ্মত একান্ত ভক্ত হিচাপে নিজকে সমৰ্পন কৰাৰ বিষয়ে বখ্যা আগবঢ়ায়।

দুইজনৰ এই মহা মিলনক ৰশৰাজ লক্ষ্মীনাথ বেজবৰুৱাই "মনিকাঞ্চন সংযোগ" বুলি চিনহিত কৰা কাৰ্য্য সত্ৰীয়া সংস্কৃতিৰ এক বিৰল পৰিঘটনা হিচাপে বিবেচিত আহিছে। মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষাৰ অধ্যয়নে বংগ আৰু অসমৰ সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্ৰত এক অনবদ্য অৱদান আগবঢ়াই আহিছে বুলি বক্তাসকলে মত প্ৰকাশ কৰে।

কোচবিহাৰৰ মধুপুৰ সত্ৰত মাধৱদেৱৰ আবিৰ্ভাৱ তিথি পালন...
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in