মাতৃৰ পৰা বিচ্ছিন্ন : ৫টা নাহৰফুটুকীৰ বন্দীত্বৰ জীৱন

চিকাৰ কৰাৰ শৈলী আয়ত্ব কৰাৰ আগেয়ে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা নাহৰফুটুকী কেইটা উদ্ধাৰ কৰাৰ পাছত কেন্দ্ৰটোৰ চিকিৎসক-কৰ্মীৰ আবদাৰত প্ৰাপ্তবয়স্ক হৈ উঠিল নাহৰফুটুকী কেইটা
মাতৃৰ পৰা বিচ্ছিন্ন : ৫টা নাহৰফুটুকীৰ বন্দীত্বৰ জীৱন

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা পাঁচটা নাহৰফুটুকীয়ে পাৰ কৰিছে বন্দীত্বৰ জীৱন ৷ প্ৰায় ৫ বছৰ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত বন্দীত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে নাহৰফুটুকী কেইটাই ৷

বন্দী হৈ থাকিলেও সাধাৰণ লোকৰ সংস্পৰ্শৰ পৰা সম্পূৰ্ণ নিলগত ৰখা হৈছে নাহৰফুটুকী কেইটাক ৷ চিকাৰ কৰাৰ শৈলী আয়ত্ব কৰাৰ আগেয়ে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা নাহৰফুটুকী কেইটা উদ্ধাৰ কৰাৰ পাছত কেন্দ্ৰটোৰ চিকিৎসক-কৰ্মীৰ আবদাৰত প্ৰাপ্তবয়স্ক হৈ উঠিল নাহৰফুটুকী কেইটা ৷

কিন্তু আন বন্যপ্ৰাণীৰ দৰে সিহঁতক পুনৰ মুকলি কৰি দিব পৰা নগ’ল ৷ কাৰণ চিকাৰ কৰা প্ৰশিক্ষণ নাপালে সিহঁতে ৷ যাৰ বাবে বছৰ বছৰ ধৰি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে ৷ প্ৰকৃততে জনবসতি অঞ্চলৰ সমীপৰ কোনো স্থানত পোৱালিক থৈ চিকাৰৰ সন্ধানত মাক আঁতৰি যোৱাৰ সময়তে কোনো লোকে ধৰি আনি গতাই দিয়ে চি ডব্লিউ আৰ চিক ৷

তাৰ পাছত পোৱালিকেইটাক মাকৰ সান্নিধ্য দিয়াটো সম্ভৱপৰ হৈ নুঠিল ৷ আনহাতে চিৰিয়াখানা কৰ্তৃপক্ষয়ো নাহৰফুটুকী কেইটাক গ্ৰহণ কৰাত অপাৰগতা প্ৰকাশ কৰিছে ৷ বন্দী হৈ থাকিলেও বৰ্তমান সিহঁতৰ প্ৰয়োজনীয় খাদ্য যোগান ধৰি আহিছে চি ডব্লিউ আৰ চি কৰ্তৃপক্ষই ৷

মাতৃৰ পৰা বিচ্ছিন্ন : ৫টা নাহৰফুটুকীৰ বন্দীত্বৰ জীৱন
৩১ বছৰীয়া ব্যৰ্থতা আঁতৰোৱাৰ লক্ষ্য টীম ইণ্ডিয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in