৩১ বছৰীয়া ব্যৰ্থতা আঁতৰোৱাৰ লক্ষ্য টীম ইণ্ডিয়াৰ

আজিৰে পৰা চেঞ্চুৰিয়নত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলা

author-image
Asomiya Pratidin
New Update
৩১ বছৰীয়া ব্যৰ্থতা আঁতৰোৱাৰ লক্ষ্য টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক : বৰদিনৰ পিছদিনাৰ দিনটো কোৱা হয় বক্সিং ডে'। আজিৰ এই গুৰুত্বপূৰ্ণ বক্সিং ডে' টেষ্টত ভাগ ল'ব ভাৰত বনাম দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া বনাম পাকিস্তান।

৩১ বছৰীয়া ব্যৰ্থতা আঁতৰোৱাৰ লক্ষ্যৰে চেঞ্চুৰিয়নত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহাযুদ্ধত নামিব ৰোহিত শৰ্মা নেতৃত্বধীন ভাৰতীয় দল। মঙলবাৰে শৃংখলাৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'ব।

তিনি দশকৰো অধিক কাল দক্ষিণ আফ্ৰিকাৰ মাটিত টেষ্ট মেচ খেলিছে ভাৰতে। কিন্তু আজিলৈকে জয়ৰ মুখ দেখা নাই টীম ইণ্ডিয়াই। এই সুদীৰ্ঘ সময়ছোৱাত সলনি হৈছে অধিনায়ক। সলনি হৈছে খেলুৱৈ-প্ৰশিক্ষক। কিন্তু ফলাফল একেই।

এইবাৰ মাৰবান্ধি দক্ষিণ আফ্ৰিকাৰ ভূমিত উপস্থিত হৈছে টীম ইণ্ডিয়া। এইবাৰ যেন নিস্তাৰ নাই। এই টেষ্টখনকলৈ আশাবাদী অভিজ্ঞ ৰোহিত আৰু বিৰাট।

দুয়োৰে হাতত হাত ধৰি দলৰ বঠা চম্ভালিব শুভমন গীল, শ্ৰেয়াছ আয়াৰ, যশস্বী জয়ছোৱালৰ দৰে নৱাগত খেলুৱৈয়ে। আনহাতে বলিঙ আক্ৰমণ চম্ভালিব বুমৰাহ-ছিৰাজ-জাডেজাই।

Also Read: নিশাৰ মহানগৰীত মাতাল যুৱক-যুৱতীৰ অতপালি

IND VS SA cricket virat kohli test cricket india