Advertisment

কাজিৰঙাত মুকলি চেল্ফি পইণ্টঃ পৰ্যটক আকৰ্ষণৰ লক্ষ্য...

মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱীৰৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত মুকলি চেল্ফি পইণ্টঃ পৰ্যটক আকৰ্ষণৰ লক্ষ্য...

কাজিৰঙাত মুকলি চেল্ফি পইণ্টঃ পৰ্যটক আকৰ্ষণৰ লক্ষ্য...

ডিজিটেল সংবাদ কাজিৰঙাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ প্ৰাকক্ষণত কাজিৰঙাত উদ্বোধন হ’ল আটকধুনীয়া চেলফি পইণ্ট ৷ বোকাখাত গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত কহঁৰাত নিৰ্মাণ হোৱা এই চেলফি পইণ্টটো উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Advertisment

চেলফি পইণ্ট মুকলি কৰি মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে, যিহেতু কহঁৰা চাৰিআলি এলেকাটো পৰ্যটকৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ কহঁৰা চাৰিআলিৰ পৰা মাত্ৰ পাঁচশ মিটাৰমান দূৰত্বত প্ৰধানমন্ত্ৰীয়ে নৈশ যাপন কৰিব ৷ লগতে এই এলেকাটোৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল অগৰাতলি বনাঞ্চল আদিলৈ পৰ্যটকসকলৰ যাতায়াত আৰম্ভ হয় ৷ গতিকে কহঁৰা চাৰিআলিত নিৰ্মাণ কৰা চেলফি পইণ্টৰ যোগেদি দেশী-বিদেশী পৰ্যটকে কাজিৰঙাত নিজৰ স্মৃতি কেমেৰাত বন্দী কৰিবলৈ সক্ষম হ’ব ৷

আনহাতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ আটকধুনীয়াকৈ সজোৱা হৈ মিহিমুখৰ প্ৰৱেশ পথ ৷

Also Read: দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণ দিৱস পালন...

কাজিৰঙা