দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণ দিৱস পালন...

মঙলদৈ বৰপুখুৰী পাৰত নাম কীৰ্তনেৰে আৰম্ভ দিৱসৰ কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণ দিৱস পালন...

দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণ দিৱস পালন...

ডিজিটেল সংবাদ মঙলদৈঃ দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণ দিৱস বৃহস্পতিবাৰে মঙলদৈ বৰপুখুৰী পাৰত অনুষ্ঠিত হয়। আয়তীৰ নাম কীৰ্তনেৰে আৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণে।

অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে পৌৰপতি নিৰ্মালী দেৱী শৰ্মা আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে। ড° নগেন্দ্ৰ নাথ শৰ্মাই উদ্বোধন কৰা সভাত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱাই।

নিৰ্দিষ্ট বক্তা ড° ৰবীন দাস আৰু অঙ্গিৰসে অংশগ্ৰহণ কৰা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু অসম গৌৰৱ অনুপম ডেকাক সম্বৰ্ধনা জনোৱা হয়।

Also Read: নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যা কৰিবলৈ প্ৰচোৰিত কৰাৰ অপৰাধত অধ্যাপকক আজীৱন কাৰাদণ্ড

মঙলদৈ