/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/becfc3be-975a-49fa-aaf1-4de0e295d401/Jaya.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : কণমানি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয় কৰিবলৈ খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। জয়া গগৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত এই অভিনৱ পদক্ষেপ ৷ কলেজীয়া ছাত্ৰই শিক্ষাদান কৰিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7f48d0fa-3d11-43f5-ae80-b6dbf3e2e841/Screenshot__449_.png)
বুনিয়াদী বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণৰ বাবে স্থানীয় কেইবাখনো প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিজ্ঞানৰ সা-সঁজুলিৰে তথ্যগতভাবে বিজ্ঞান শিক্ষা প্ৰদান কৰা হয়। প্ৰায় চাৰিদিন ধৰি স্থানীয় ৬ খন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত কণমানি ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ বিভিন্ন দিশসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি দেখুৱাই পাঠদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/58aebb68-6ae1-44fd-b321-6acc6cac595a/Screenshot__451_.png)
জয়া গগৈ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ পাঁচজন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাদান কৰে কণমানি ছাত্ৰ-ছাত্ৰীসকলক। কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য় চাৰিদিনীয়া কাৰ্যসূচীটোৰ সমন্বয়ক হিচাপে আছিল অধ্যাপিকা গায়ত্ৰী দেৱী, ড° জানমণি মৰাণ আৰু ইভাৰাণী হাজৰিকা ৷ মহাবিদ্যালয়খনিয়ে স্থানীয় প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপক সকলোৱে শলাগ লয়।
Also Read: স্কুল বন্ধ কৰি-সুৰাৰ দোকান খুলি মুখ্যমন্ত্ৰীয়ে অসমক কোনখন উন্নত ৰাজ্যলৈ লৈ যাব বিচাৰিছে ? : আপ