স্কুল বন্ধ কৰি-সুৰাৰ দোকান খুলি মুখ্যমন্ত্ৰীয়ে অসমক কোনখন উন্নত ৰাজ্যলৈ লৈ যাব বিচাৰিছে ? : আপ

স্কুল বন্ধ কৰি-সুৰাৰ দোকান খুলি মুখ্যমন্ত্ৰীয়ে অসমক কোনখন উন্নত ৰাজ্যলৈ লৈ যাব বিচাৰিছে ? : আপ

ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্কুল বন্ধ কৰা প্ৰসংগত তীব্ৰ সমালোচনা আম আদমি পাৰ্টীৰ। দেওবাৰে এক বিজ্ঞপ্তিযোগে আপ অসমে মুখ্যমন্ত্ৰী শৰ্মাক তীব্ৰ সমালোচনা কৰে। আপে প্ৰশ্ন কৰে যে,স্কুল বন্ধ কৰি, সুৰাৰ দোকান খুলি মুখ্যমন্ত্ৰীয়ে অসমক কোনখন উন্নত ৰাজ্যলৈ লৈ যাব বিচাৰিছে ?

ড্রাগছ মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে বহুত নিৰীহ যুৱকক এতিয়ালৈকে এনকাউন্টাৰ কৰা হৈছে। সেইখন অসমত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰি অভাৱনীয় গতিত সুৰাৰ প্ৰচলন কৰা নীতিয়ে আগন্তুক সময়ত অসমৰ সমাজ জীৱন অধিক অস্থিৰ তথা বিপন্ন কৰাৰ আশংকা প্ৰকট হৈ পৰিছে।

কৃষি প্ৰধান ৰাজ্যহৈয়ো যিখন অসমত মাটি-পানীত সবল অর্থনীতি গঢ়ি তুলিব পৰা তথা আত্মনিৰ্ভৰ অসম গঢ়িব পৰাৰ প্ৰচুৰ সম্ভাৱনা লুকাই আছে। সেইখন অসমত নগৰে-চহৰে গাঁৱে-ভূঞে নতুনকৈ সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দি বিজেপি চৰকাৰখনে সমাজ জীৱন তথা যুৱ প্ৰজন্মক ধ্বংসৰ দিশলৈহে লৈ গৈ আছে বুলি অভিযোগ কৰে আম আদমি পাৰ্টীয়ে।

বিবৃত্তিযোগে দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে মুখ্যমন্ত্রীৰ পত্নীৰ মালিকনাধীন বন্ধ্যা ইন্টাৰনেচনেল স্কুলকে ধৰি বহু ব্যক্তিগত বিদ্যালয়ত বিজেপি চৰকাৰখনে অসমত কাঠফুলা দৰে গঢ়াৰ অনুমতি দিছে। আনফালে একত্ৰিকৰণৰ নামত হাজাৰ হাজাৰ স্কুল বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজহুৱা শিক্ষা ব্যবস্থা কোনফালে লৈ যাব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে।

এতিয়া অসমত শিক্ষা নহয়, যেন সুৰাৰে ৰাজ্য পৰিচালনা কৰাৰ চাবি-কাঠি হাতত লৈছে অসম চৰকাৰে। সুৰাৰ জৰিয়তেহে যেন চৰকাৰখন উদ্ধাৰ হ'ব। যি সময়ত পঞ্জাৱ আৰু দিল্লীত আপ চৰকাৰে বিশ্বমানৰ শিক্ষাৰ আৰ্হিৰে দেশৰ শিক্ষাখণ্ডত এক বিপ্লৱ আনিবলৈ সক্ষম হৈছে, তেনে সময়ত অসমত চৰকাৰী বিদ্যালয় বন্ধ কৰি ভবিষ্যতে অসমত বিজেপি চৰকাৰে কি উন্নয়ন কৰিব বিচাৰিছে বুলি উল্লেখ কৰে।

স্কুলৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ২ হেজাৰখন দেশীয় সুৰাৰ বিপনীৰ অনুজ্ঞা-পত্ৰ দি জাতিটোক স্বাবলম্বী, আত্মনির্ভৰশীল, ভাৰতবৰ্ষৰ শীর্ষ ৫খন ৰাজ্যলৈ আনিব নেকি বুলি আম আদমি পার্টীয়ে প্রশ্ন উত্থাপন কৰে। দলটোৱে চৰকাৰৰ এই পদক্ষেপৰ ফলত দুর্ঘটনাৰ লগতে নিত্য নতুন সামাজিক অপৰাধে অসমৰ আগন্তুক দিনৰ বাবে আন এক অশনি সংকেত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে বুলি বিজ্ঞপ্তিত উল্লেখ কৰে।

স্কুল বন্ধ কৰি-সুৰাৰ দোকান খুলি মুখ্যমন্ত্ৰীয়ে অসমক কোনখন উন্নত ৰাজ্যলৈ লৈ যাব বিচাৰিছে ? : আপ
মঙলদৈ নৈত পৰি সন্ধানহীন মহিলা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in