মেৰাপানীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী উদযাপন

মেৰাপানীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, মেৰাপনীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে মেৰাপানীৰ ভকতগাঁও বৰনামঘৰ। একশৰণ ভাগৱতী সমাজ অসমৰ শ্ৰীমন্ত শংকৰ মাধৱ আঞ্চলিকৰ সৌজন্যত ভকতগাঁৱৰ বৰনামঘৰত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী আৰু মহাপালনাম কীৰ্তন পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে ভক্তিপ্ৰাণ ৰাইজে।

অঞ্চলটোৰ ভক্তপ্ৰাণ সহস্ৰাধিক ৰাইজে নামঘৰত প্ৰাতঃ প্ৰসঙ্গ কৰাৰ পাছতে গুৰু চৰিত পাঠ কৰে। ইয়াৰ সমান্তৰালভাৱে কেইবাখনো গাঁৱৰ ৰাইজে প্ৰায় ৫ কিলোমিটাৰ পথ ভাগৱত লৈ ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰি এক আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে।

মহা পালনাম উপলক্ষে নামঘৰত কীৰ্তন পাঠৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে এক সমাজৰ আচাৰ্য দেহেশ্বৰ বৰা বাপ উপস্থিত থাকে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নামঘৰতে দেওবাৰলৈ নিশালৈ 'অৰ্জুনৰ পাশুপাত অস্ত্ৰ লাভ' আৰু 'নিপাত দৈত্য বধ' নামৰ এখন মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে।

মেৰাপানীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী উদযাপন
ৰাধা-গোবিন্দ মন্দিৰত চুৰিকাণ্ডঃ ৫টা মুৰ্তিসহ ৫লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in