ৰাধা-গোবিন্দ মন্দিৰত চুৰিকাণ্ডঃ ৫টা মুৰ্তিসহ ৫লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী...
যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰীৰ পাশ্বৱৰ্তী চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শিঙিমাৰীৰ ৰাধা-গোবিন্দ মন্দিৰত শনিবাৰে নিশা চোৰে তলা ভাঙি নগদ ধন, সোন-ৰূপৰ অংলকাৰ আৰু পাঁচটা মুৰ্তি সহ প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰি লুটি নিয়ে।

উল্লেখযোগ্য যে, শিঙিমাৰী ৰাধা-গোবিন্দ মন্দিৰত প্ৰতিদিনে মেঘালয়ত বসবাস কৰা অসম তথা মেঘালয়ৰ হিন্দু ধৰ্মৰ লোকসকলে পুজা অৰ্চনা কৰে। শনিবাৰে নিশা প্ৰায় ৮ বজাত মন্দিৰৰ গেট বন্ধ কৰি থোৱাৰ পাচত নিশা চোৰে গেটৰ তলা ভাঙি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। মন্দিৰটোৰ পৰা ৩ টা গোপালৰ মুৰ্তি, ২ টা ৰাধা কৃষ্ণৰ মুৰ্তি চুৰি কৰাৰ লগতে মুৰ্তিত পিন্ধাই ৰখা সোনৰ চেইন, সোনৰ কানফুলি আৰু প্ৰায় ১২ ভৰি ৰূপৰ অংলকাৰ লুটি নিয়ে।

একেদৰে মন্দিৰৰ ভিতৰত থকা আঢ়ৈ বছৰ পুৰণি এটা দানপাত্ৰ চোৰে লুটি নিয়ে। মন্দিৰ কতৃপক্ষই জানিবলৈ দিয়া মতে, দানপাত্ৰ প্ৰতি তিনি বছৰৰ মুৰে মুৰে মুকলি কৰি জমা হোৱা ধনেৰে মন্দিৰ উন্নয়নৰ কামত টকাখিনি ব্যৱহাৰ কৰা হয়। দানপাত্ৰটো আঢ়ৈ বছৰ সম্পন্ন হোৱাত প্ৰায় দুই লক্ষাধিক টকা জমা হৈছিল বুলি ধাৰণা কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

এই ঘটনাৰ পাছতেই হেলিডেগঞ্জ আৰক্ষী থানাত মন্দিৰ কতৃপক্ষই এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মন্দিৰৰ কাষত ড্ৰাগছৰ এটা খালি কণ্টেনাৰ উদ্ধাৰ হোৱাত চোৰে ড্ৰাগছ সেৱন কৰি মন্দিৰলৈ প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে। দেওবাৰে পুৱাৰ ভাগত কৃষ্ণপদ সাহা নামৰ লোকজন পূজাৰ বাবে মন্দিৰত উপস্থিত হোৱাত চুৰিৰ ঘটনাটো পোহৰলৈ আহিছে। মন্দিৰৰ মূৰ্তি চুৰি হোৱা ঘটনাক লৈ মন্দিৰ কতৃপক্ষ মৰ্মান্তিক হোৱা পৰিলক্ষিত হৈছে।

যোৰাবাট আৰক্ষীৰ জালত ৩৫ টা গৰুসহ দুই সৰবৰাহকাৰী...
চিলাপথাৰত গুৰুজনাৰ জন্মোৎসৱ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in