ডিজিটেল সংবাদ বোকাখাতঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমোল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি চৰকাৰখনে সদম্ভে দাবী তুলি অহাৰ সময়তো বিভাগটোত সংঘটিত হোৱা কেতবোৰ বিসংগতি তথা নাভূত-নাশ্ৰুত ঘটনাই সময়ে সময়ে হতচকিত কৰি আহিছে সাধাৰণ জনতাক। তেনে এক ঘটনাই সংঘটিত হ'ল পুনৰ বোকাখাতত।
যোৱা ২৪ জুনত এক মটৰ দুৰ্ঘটনাত পতিত হৈ ভৰিত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত বোকাখাতৰ লখৌজান চাহ বাগিচাৰ লক্ষ্মণ বাউৰি নামৰ যুৱকজনে চিকিৎসাৰ বাবে গৈছিল বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ।কিন্তু চিকিৎসাৰ নামত চিকিৎসালয়খনৰ চিকিৎসকে যুৱকৰ ভৰিত কোনো ধৰণৰ গুৰুতৰ আঘাত নাই বুলিহে লিখিত ভাৱে অৱগত কৰে।
কিন্তু লক্ষণীয়ভাৱে চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈয়েই অত্যাধিক বিষ যান্ত্ৰণাত কাতৰ হৈ পৰাৰ লগতে ফুলি উঠে যুৱকজনৰ বাওঁ ভৰিখন। যাৰ বাবে বিভিন্ন জনৰ পৰামৰ্শমতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰায় যুৱকজনক।
ইফালে যোৰহাটৰ চিকিৎসকে জানিবলৈ দিয়াৰ লগতে এক্সৰে ৰিপৰ্টত পৰিস্ফুট হয় যুৱকজনে গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে বাওঁভৰিৰ হাড়ৰ কিছু অংশ ফাটি যোৱাৰ কথা। সম্প্ৰতি বোকাখাতৰ লখৌজান চাহ বাগিচাস্থিত চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে যুৱকজন।
ইয়াৰ পিছতে বোকাখাতত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া বিভিন্ন জনে। ৰোগীৰ জীৱনক লৈ গুৰুত্ব নিদিয়া বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ দায়বদ্ধতাক লৈও প্ৰশ্ন তোলাৰ লগতে তদন্তৰ দাবী উত্থাপন হৈছে। সমান্তৰালকৈ ঘটনা সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ লগতে কৃষকনেতা প্ৰণৱ দলেয়ে।
উল্লেখযোগ্য যে, বোকাখাতবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ অৱসান ঘটোৱাৰ মানেসেৰে ২০২০ বৰ্ষৰ ৩ অক্টোবৰত তদানীন্তন বিত্ত-স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আড়ম্বৰপূৰ্ণভাৱে মুকলি কৰিছিল ১০০খন বিচনাযুক্ত তথা ভেন্টিলেশ্যনসহ ২০ খন আই.চি.ইউ সংলগ্ন শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনটো।
কিন্তু পৰিতাপৰ কথা যে ১২কোটি ৫লাখ ৬৮হাজাৰ ৯০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০০খন বিচনাযুক্ত এই চিকিৎসালয়খনে আজিও উপকৃত কৰিব পৰা নাই সমষ্টিটোৰ সাধাৰণ ৰাইজক।বৰঞ্চ সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ ৰেফাৰ কৰা, চিকিৎসাৰ বিসংগতিৰ লগতে চিকিৎসক-নাৰ্চৰ অভাৱ তথা অপৰ্যাপ্ত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় সমস্যাই ভাৰাক্ৰান্ত কৰি আহিছে সাধাৰণ ৰাইজক।
যাৰ বাবে এই দিশত মনোযোগ দি স্বাস্থ্যৰ মন্ত্ৰীৰ লগতে সংশ্লিষ্ট বিভাগটোক শীঘ্ৰেই চিকিৎসালয়খনত দেখা দিয়া সকলো সমস্যা শীঘ্ৰেই সমাধানৰ দাবী তুলিছে বোকাখাতৰ সচেতন ৰাইজে।