মুখ্যমন্ত্ৰীৰ পত্নীকলৈ কেজৰিৱালৰ মন্তব্যক উভতি ধৰিলে ৰূপজ্যোতি কুৰ্মীয়ে...

ৰাৱন, দুৰ্যোধনৰ দৰে ধ্বংস হ’ব কেজৰিৱাল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷
প্ৰতিক্ৰিয়া প্ৰকাশ ৰূপজ্যোতি কুৰ্মীৰ
প্ৰতিক্ৰিয়া প্ৰকাশ ৰূপজ্যোতি কুৰ্মীৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাৱন, দুৰ্যোধনৰ দৰে ধ্বংস হ’ব কেজৰিৱাল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

বিধায়কগৰাকীয়ে লগতে কয় কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰীক সংস্কৃতি শিকাব নালাগে ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংস্কৃতি শিকাব দিল্লীৰ মুখ্যমন্ত্ৰীক ৷ কেজৰিৱালে দম্ভালি মৰাৰ দৰে দিল্লীৰ কোনো উন্নয়ন হোৱা নাই ৷

দিল্লীৰ এটা চুকৰহে হৈছে উন্নয়ন ৷ বাকী সকলো দিশ আৱৰ্জনাপূৰ্ণ ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে কেতিয়াও নিজকে ৰজা সজাবলৈ যোৱা নাই ৷ মুখ্যমন্ত্ৰীয়ে সদায়ে সৰ্বসাধাৰণৰ বাবে চিন্তা কৰি আহিছে ৷ কেজৰিৱালে নিজৰ শিক্ষাকলৈ ইমান অহংকাৰ কৰাৰ প্ৰয়োজন নাই ৷

তদুপৰি কেজৰিৱালে প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাকলৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে ৷ নৰেন্দ্ৰ মোডী তিনিবাৰ মুখ্যমন্ত্ৰী দুবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তৃতীয়বাৰ পুনৰ প্ৰধানমন্ত্ৰী হ‘ব ৷

কিন্তু কেজৰিৱাল তৃতীয়বাৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে ৷ কাৰণ দিল্লীৰ জনসাধাৰণে তেওঁক প্ৰত্যাখ্যান কৰিব ৷ যদি দম আছে নৰেন্দ্ৰ মোডীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাত বাধা দিয়ক বুলি মন্তব্য কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে ৰুপজ্যোতি কুৰ্মীয়ে ।

প্ৰতিক্ৰিয়া প্ৰকাশ ৰূপজ্যোতি কুৰ্মীৰ
কিষাণ ক্ৰেডিট কাৰ্ড জালিয়াতি আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in