ৰ'জলীনা তিৰ্কীৰ মনোনয়ন দাখিল : সংগ দিলে ভূপেন বৰা,ৰকিবুল হুছেইনসহ কেইবাগৰাকীয়ে...

প্ৰাৰ্থীগৰাকীৰ বাসগৃহৰ পৰাই সমৰ্থকসকলে ঢোলে-দগৰে এক উছৱমুখৰ পৰিবেশৰ মাজেৰে বিহু, ঝুমুৰ, গায়ন বায়ন আদি অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ এক সমদলেৰে গোলাঘাটৰ কংগ্ৰেছ ভৱনলৈ তিৰ্কীক আদৰি আনে।
ৰ'জলীনা তিৰ্কীৰ মনোনয়ন দাখিল : সংগ দিলে ভূপেন বৰা,ৰকিবুল হুছেইনসহ কেইবাগৰাকীয়ে...

ডিজিটেল সংবাদ,গোলাঘাট : ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কিয়ে মঙলবাৰে কাজিৰঙা লোকসভা সমষ্টিৰ গোলাঘাটস্থিত ৰিটাৰ্নিং বিষয়াৰ ওচৰত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। আজি পুৱাৰ ভাগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাহেজাৰ সমৰ্থকে প্ৰাৰ্থীগৰাকীৰ শলমৰাস্থিত বাসভৱনৰ সমুখত সমবেত হয়।

প্ৰাৰ্থীগৰাকীৰ বাসগৃহৰ পৰাই সমৰ্থকসকলে ঢোলে-দগৰে এক উছৱমুখৰ পৰিবেশৰ মাজেৰে বিহু, ঝুমুৰ, গায়ন বায়ন আদি অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ এক সমদলেৰে গোলাঘাটৰ কংগ্ৰেছ ভৱনলৈ তিৰ্কীক আদৰি আনে। কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সভাত কংগ্ৰেছ দলকে ধৰি বিৰোধী ঐক্য মঞ্চৰ কেইবাগৰাকী বিষয় ববীয়াই প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায়।

উক্ত সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, আম আদমী পাৰ্টিৰ ৰাজ্যিক সম্পাদক ৰাজু ফুকন, ৰাইজৰ দলৰ প্ৰবীণ দাস আদিকে ধৰি চিপিআই, চিপিএম আদি দলৰ বিষয় ববীয়াসকল উপস্থিত থাকে। এই সভাৰ পৰাই প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক সমদলেৰে সমৰ্থকসকলে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়।

প্ৰাৰ্থীগৰাকীৰ মনোনয়ন যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰকিবুল হুছেইন, নন্দিতা দাস আদিয়েও অংশগ্ৰহণ কৰে। সভাপতি ভূপেন বৰাই ৰ'জলীনা তিৰ্কী এগৰাকী শক্তিশালী নেত্ৰী বুলি উল্লেখ কৰি কয়- কাজিৰঙাত আমাৰ ভেঁটি পূৰ্বৰে পৰা সুদৃঢ় হৈ আছে আৰু এইবাৰ আমি ইয়াত বিজয় ধ্বজ্জা উৰুৱাবলৈ নিশ্চিত ভাৱে সক্ষম হ'ম।

ইয়াৰোপৰি সভাপতি বৰাই কয় যে, ২০২ ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব সেই সমষ্টিৰ পৰাই তেঁৱো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অন্যহাতে আজি গোলাঘাটত ১০নং কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে আৰু তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

এইসকলৰ ভিতৰত ভাৰতীয় কংগ্ৰেছ দলৰ হৈ ৰ’জলীনা তিৰ্কী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈয়ে কাজিৰঙাৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দখিল কৰে। ইফালে আজি ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ মেডিয়া সমন্বয়ক দিকি শৰ্মাই জনাইছে যে, মুখ্যমন্ত্ৰীৰ উপস্থিতিত বুধবাৰে পুৱা ১১-০০ বজাত দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন পত্ৰ দাখিল কৰিব।

ৰ'জলীনা তিৰ্কীৰ মনোনয়ন দাখিল : সংগ দিলে ভূপেন বৰা,ৰকিবুল হুছেইনসহ কেইবাগৰাকীয়ে...
হতাশা ! কোটাত অধ্যয়নৰত মেধাৱী ছাত্ৰই ল'লে চৰমপন্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in