হতাশা ! কোটাত অধ্যয়নৰত মেধাৱী ছাত্ৰই ল'লে চৰমপন্থা

এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা একাংশৰ মাজত চৰ্চিত হৈছে যে, তীব্ৰ চাপ আৰু হতাশাৰ বাবেই ছাত্ৰগৰাকীয়ে চৰমপন্থা ল'বলৈ বাধ্য হয়। ইফালে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অৱ্যাহত আছে।
হতাশা ! কোটাত অধ্যয়নৰত মেধাৱী ছাত্ৰই ল'লে চৰমপন্থা

ডিজিটেল ডেস্ক : ৰাজস্থানৰ কোটাত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। উত্তৰ প্ৰদেশৰ এজন 'নীট'ত অৱতীৰ্ণ হ'ব লগা ছাত্ৰই মঙলবাৰে ৰাজস্থানৰ কোটাত আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

নিহত ছাত্ৰগৰাকীৰ বয়স প্ৰায় ২০ বছৰ। উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ সম্ধান গাঁৱৰ বাসিন্দা ছাত্ৰগৰাকীয়ে যোৱা এবছৰ ধৰি কোটাত বাস কৰি আছিল বুলি জানিব পৰা গৈছে।

নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰগৰাকীৰ পৰিয়ালে পুৱা তেওঁৰ সৈতে একাধিকবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল,যদিও কোনো সঁহাৰি পোৱা নাছিল।ইয়াৰ পাছতে ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে জৱাহৰ নগৰ অঞ্চলত বাস কৰা তেওঁৰ বন্ধুবৰ্গৰ ওচৰলৈ গৈছিল আৰু বন্ধুবৰ্গৰ সৈতে পৰিয়ালৰ লোকে ছাত্ৰগৰাকী থকা আৱাসত গৈ মালিকক সকলো কথা অৱগত কৰিছিল।

ইয়াৰ পাছতে মালিকৰ নিৰ্দেশত এগৰাকী কৰ্মীয়ে ছাত্ৰগৰাকীৰ কোঠাৰ ওচৰত গৈ বাৰে বাৰে মাতি কোনো সঁহাৰি নোপোৱাত স্থানীয় আৰক্ষীক খবৰ দিয়ে। কিছুসময় পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৱাৰ ভাঙি ছাত্ৰগৰাকীৰ কোঠাত প্ৰৱেশ কৰে আৰু ছাত্ৰগৰাকীৰ মৃতদেহ ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে।

এই অনাকাঙ্খিত দৃশ্য প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা একাংশৰ মাজত চৰ্চিত হৈছে যে, তীব্ৰ চাপ আৰু হতাশাৰ বাবেই ছাত্ৰগৰাকীয়ে চৰমপন্থা ল'বলৈ বাধ্য হয়। ইফালে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অৱ্যাহত আছে।

হতাশা ! কোটাত অধ্যয়নৰত মেধাৱী ছাত্ৰই ল'লে চৰমপন্থা
লোকে লোকাৰণ্য পৰিৱেশেৰে সামৰণি পৰিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in