ডিজিটেল সংবাদ দেৰগাঁও: দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বহু কেইটা মূল পথৰ বিধ্বস্ত অৱস্থাই সমষ্টতিটোৰ সৰ্বাংগীন উন্নয়নত এক প্ৰকাৰৰ প্ৰত্যাহ্বান সৃষ্টি কৰি আহিছে যদিও এই ক্ষেত্ৰত স্থানীয় অগপ বিধায়ক গৰাকীৰ কুম্ভকৰ্ণ নিদ্ৰাই ৰাইজক ক্ষোভিত কৰি তুলিছে। উল্লেখ্য যে, শেহতীয়াকৈ সমষ্টিটোৰ অধিনৰ শীতলপথাৰৰ এটা বিধ্বস্ত পথত স্থানীয় ৰাইজে বিধায়কগৰাকীক খোজকঢ়াই পথৰ দুৰৱস্থাক অনুধাৱন কৰিবলৈ বাধ্য কৰাইছিল।
ইয়াৰ পাছতে সমষ্টিটোৰ ইটোৰ পাছত সিটো মূল পথৰ দুৰ্ৱস্থাৰ বাবে ৰাইজে জীয়াতো ভুগি অহাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে দেৰগাঁও নগৰৰ মাজ মজিয়াৰ থকা চকিয়া পথ,ফেটাগাঁও সংযগী পথ,গন্ধীয়া গাঁৱৰ পথ,সূতাৰ-টেকেলা পথ,৬৮ নংৰ পৰা ৭০ নং পঞ্চায়ত সংযোগী পথ, ৪১ নং পৰ্বতীয়া গাঁও পঞ্চায়ত গেন্ধালি-বালিচাপৰি পথ,বিলতীয়াৰ পৰা গৰুমৰা বালিঘাট সংযোগী পথ,উপৰ দেউৰী কাৰেং চাপৰী পথ , কাকডোঙাৰ চোমনী-সোনাক্ষেত চাহ বাগিচা পথ, গৰুমৰা পথ,বাহবাৰী-ম'হবন্ধা পথ,মালৌবান্ধ ,টায়ুংগাঁও আমগুৰি সংযোগী দলংকে ধৰি ইটোৰ পিছত সিটো পথ আৰু দলংৰ বিধ্বস্ত ৰূপৰ বাবে জনসাধাৰণৰ যাতায়তৰ বেলিকা যমৰ যাতনা ভোগ কৰিব লগা হৈছে ।
কিয়নো বৰ্হিবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ ভৰষাৰস্থল এই পথসমূহৰ দুৰাৱস্থাৰ বিষয়ে ৰাইজে বাৰম্বাৰ বিধায়কজনক আবেদন -নিবেদন কৰিছে যদিও আজিকোপতি কোনেও উন্নয়ন মুখ নেদেখিলে। মিটিং-মাটাংৰ বাহিৰে সততে বিধায়ক জনক দেখি নোপোৱা আৰু ক্ষীপ্ৰতাৰে সমষ্টি উন্নয়নৰ কাম কৰাত বিফল হোৱাৰ বাবেই তেখেতে ক্ৰমাৎ গনভিত্তী হেৰুৱাৰ উপক্ৰম হৈছে ।
তদুপৰি দেৰগাঁওখনক মহকুমা পৰ্য্যায়লৈ লৈ যোৱাত অপাৰগ হোৱা, শীতলপথাত কোটি টকীয়া ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিব নোৱৰা, নাহৰডোঙা মডেল চিকিৎসালয়খন ২৪ ঘন্টীয়া সেৱা কৰিব নোৱৰাৰ ক্ষেত্ৰত এইজন বিধায়ক বাৰুকৈয়ে বিফল হৈছে । ইয়াৰোপৰি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৯৭ নং দেৰগাঁও বিধানসভা সমষ্টিটো শেহতীয়া কৈ নিৰ্বাচন আয়োগে সংৰক্ষণ মুক্ত সমষ্টি হিচাপে ঘোষণা কৰিলে যদিও নিজে অনুসূচিত জাতি পৰিষদৰ সভাপতি আৰু বিধায়ক হৈয়ো কোনো প্ৰতিবাদ নকৰাত বিধায়ক জনৰ এইটোৱেই যে শেষ কাৰ্য্যকাল সেয়া সকলো শ্ৰেণীৰ ৰাইজৰ লগতে বিধায়কগৰাকীয়েও সহজে বুজি পাইছে।
গতিকে ক্ষমতাত থকা দিনকেইটাতে ৰাইজৰ সমস্যাসমূহ সমাধান কৰি নিজৰ কৰ্মদক্ষতা পৰিচয় দিবলৈ ৰাইজে বিধায়ক জনৰ প্ৰতি দাবী জনাইছে যদিও বিধায়কগৰাকীয়ে যে সমষ্টিৰ উন্নয়ন কৰি এক নজিৰ সৃষ্টি কৰিব পাৰিব তাত সন্দেহ আছে। তথাপিও জনপ্ৰতিনিধি হিচাপে তেওঁৰ কাৰ্যকালতে সমষ্টিটোৰ এইসমূহ সমস্যা সমাধান কৰিবলৈ তেওঁক টানি অনুৰোধ জনাইছে সাধাৰণ ৰাইজে।