গোলাঘাটত আৰক্ষী বাহন দুৰ্ঘটনাগ্ৰস্তঃ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আহত তিনি...

গোলাঘাটত আৰক্ষী বাহন দুৰ্ঘটনাগ্ৰস্তঃ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আহত তিনি...

author-image
Asomiya Pratidin
New Update
গোলাঘাটত আৰক্ষী বাহন দুৰ্ঘটনাগ্ৰস্তঃ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আহত তিনি...

গোলাঘাটত আৰক্ষী বাহন দুৰ্ঘটনাগ্ৰস্তঃ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আহত তিনি...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ ফৰকাটিং আৰক্ষী চকীৰ অন্তৰ্গত ১ নং তিৰুৱাল গাঁৱত আজি আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ তিনিজন আৰক্ষী জোৱান আহত হয়। জানিব পৰামতে এখন আই-20 গাড়ীত অবৈধ সামগ্ৰী থকাৰ সন্দেহত খেদি যাওঁতেই গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বলেৰ' বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

Advertisment

দুৰ্ঘটনাটোত গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা, কনিষ্টবল তপন গগৈ, সীমান্ত ৰাজখোৱা আৰু কমল দত্ত আহত হয় ৷ নাকা তালাচী অভিযানত গোলাঘাট আৰক্ষীৰ চকুত ধূলি মাৰি যাবলৈ লওঁতেই গাড়ীখন লক্ষ্য কৰি পিছ লয় গোলাঘাট আৰক্ষীয়ে ৷

কিছুদূৰ অতিক্ৰম কৰোতেই আৰক্ষীৰ বলেৰ' বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইতিমধ্যে পলায়ন কৰা আই-20 গাড়ীখন পাছত জিলাখনৰ জামুগুৰি থানাৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

Also Read: জন্মস্থানত সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ ১০৬ সংখ্যক জন্মদিৱস উদযাপন

পথ দুৰ্ঘটনা