আমি যুদ্ধ সমৰ্থন নকৰো, কিন্তু কিয় ?

আমি যুদ্ধ সমৰ্থন নকৰো, কিন্তু কিয় ?

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনে প্ৰতি দিনেই এক নতুন ৰূপ লৈছে শেহতীয়াকৈ । যেন সাম্ভাৱ্য বিশ্বযুদ্ধৰ আগজাননী । শক্তিশালী দেশসমূহে ধীৰে ধীৰে সমৰ্থন আগবঢ়াবলৈ আৰম্ভ কৰিছে মিত্ৰশক্তিলৈ । কিন্তু ইয়াৰ পৰিণাম কি হ'ব সেইয়া নতুনকৈ কল্পনা কৰাৰ প্ৰয়োজন নাই বিশ্ববাসীৰ । এবাৰ নহয় বৰং দুবাৰকৈ বিশ্বযুদ্ধই সকলো শেষ কৰি পেলাইছিল বিশ্বত । সেই ভয়াৱহ স্মৃতিয়ে আজিও আমনি কৰে সকলোকে । তেনেস্থলত কিদৰে সমৰ্থন কৰিব পাৰে আন এখন সাম্ভাৱ্য যুদ্ধক ?

উল্লেখ্য যে, ২০২২ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই আক্ৰমণ কৰিছিল ইউক্ৰেইনক । নাটো বাহিনীৰ সৈতে ইউক্ৰেইনৰ যোগ হোৱাৰ চিন্তা চৰ্চা চলি থকাৰ মাজতেই হোৱা এই আক্ৰমণে সলনি কৰি দিলে সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপট । ৰাছিয়াৰ সন্মুখত ক্ষুদ্ৰ ইউক্ৰেইনে সম্পূৰ্ণ শক্তিৰে প্ৰতিহত কৰিলে এই আক্ৰমণ ।

কিন্তু প্ৰেক্ষাপট সলনি হ'বলৈ প্ৰয়োজন নহয় বেছি সময়ৰ । যুদ্ধই এটা বছৰ অতিক্ৰম কৰিবলৈ হওতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে দেখা গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক । জ' বাইডেন আৰু জেলেনেস্কীৰ কেৱল এখন আলোকচিত্ৰই তোলপাৰ লগালে সমগ্ৰ বিশ্বত । অধিক আগ্ৰাসী মনোভাৱ দেখুৱালে ৰাছিয়াই । নাটো বাহিনীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক দেখি সাহস লাভ কৰিলে । ইউক্ৰেইনলৈ পঠিয়ালে সাহায্য, যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ । এইবাৰ চীনে মুকলিকৈ সমৰ্থন কৰিলে ৰাছিয়াক । এই পদক্ষেপসমূহ কোনো পধ্যেই শুভ নহয় বিশ্ববাসীৰ বাবে ।

পৃথিৱীৰ অন্যতম শক্তিশালী অৰ্থনীতিৰ ৭ খনকৈ দেশৰ সংগঠন জি-৭ৰ ৫ খন দেশে শেহতীয়াকৈ ইউক্ৰেইনলৈ সাহায্য পঠিওৱাটো সমৰ্থন কৰিব পৰা নাই । ৰাছিয়াৰ বিৰুদ্ধে যেন প্ৰতিবাদ অনৰ্থক, সেইবাবেই এতিয়া প্ৰতিবাদ নাটো বিৰোধী, যুদ্ধ বিৰোধী আৰু আমেৰিকা বিৰোধী ।

অস্ত্ৰ ৰপ্তানিৰে যে যুদ্ধ ৰোধ কৰিবলৈ পৰা নাযায় সেই সম্পৰ্কে জ্ঞাত সকলো । তেনেস্থলত অত দিনে নিশ্চুপ হৈ থকা দেশ সমূহৰ বাবে এয়াই যেন সুযোগ যুদ্ধৰ বিৰুদ্ধে মাত মাতিবলৈ । কিয়নো এনে অস্থিৰ ৰাজনৈতিক অৱস্থাৰ মাজতেই কোনো দেশে যদি আক্ৰমণ কৰে আন কোনো দেশক তেন্তে শান্তি আলোচনাৰ পূৰ্বেই আৰম্ভ হৈ পৰিব বিশ্বযুদ্ধ ।

আমি যুদ্ধ সমৰ্থন নকৰো, কিন্তু কিয় ?
বোকাখাতৰ ২নং বহিখোৱাত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in