/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bec75df2-17ee-457d-bdb1-4f4e5238f1e3/6.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ গড় হত্যা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পুনৰ উদ্ধাৰ গড়ৰ হাড়, খৰ্গ। ২২ জানুৱাৰীত চোৰাংচিকাৰীয়ে মাকলুং বন শিবিৰৰ সমীপত হত্যা কৰাৰ সন্দেহ বনবিভাগৰ।
বৰবালি গাঁৱৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী জগু পেগুৰ ঘৰৰ পৰা উদ্ধাৰ গড়ৰ হাড়, খৰ্গ। ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বন-বিভাগে। আন এঘৰৰ পৰা আৰক্ষীয়ো জব্দ কৰে গড় হত্যাত ব্যৱহৃত মৰাণাস্ত্ৰ। ১নং অফলা গাঁৱৰ হৰেণ কামান নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে AK 47ৰাইফল, মেগাজিন আৰু গড় নিধনত ব্যৱহৃত সা-সৰঞ্জাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us