ৰহাত আছুৱে বন্ধ কৰিলে ফ্লাই অভাৰ নিৰ্মাণ কাৰ্য

লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক এই ক্ষেত্ৰত চকু দিবলৈ দাবী জনাই। ইপিনে কোম্পানীটোৱে ভূলবশতঃ এনে অনিয়ম হোৱা বুলি স্বীকাৰ কৰে আৰু ভৱিষ্যতে এনে অনিয়ম নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে।

author-image
Asomiya Pratidin
New Update
ৰহাত আছুৱে বন্ধ কৰিলে ফ্লাই অভাৰ নিৰ্মাণ কাৰ্য

ডিজিটেল সংবাদ,ৰহাঃ ৰহাত আছুৱে বন্ধ কৰিলে ৰাষ্ট্ৰীয় পথৰ ফ্লাই অভাৰ নিৰ্মাণ কাৰ্য। ৰহাত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত চূড়ান্ত অনিয়ম কৰা বুলি অভিযোগ তুলি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই বন্ধ কৰিলে নিৰ্মাণ কাৰ্য। অভিযোগ মতে ৰহাত ডি বি এল নামৰ বহি:ৰাজ্যৰ কোম্পানীটোৱে নিৰ্মাণ কৰি থকা ৰাষ্ট্ৰীয় পথ তথা ফ্লাই অভাৰৰ নিৰ্মাণত আসোৱাহপূৰ্ণভাৱে কাম কৰিছে।

Advertisment

আনকি পথ নিৰ্মাণত পূৱে ব্যৱহাৰ কৰা পুৰণি শিল ব্যৱহাৰ কৰাৰ লগতে জাবৰ-জোঠৰসহ মাটি পেলাই পথ নিৰ্মাণ কৰিছে। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পথত ৰাতি-ৰাতি এনেদৰে অনিয়মেৰে কাম কৰাৰ তথ্য লাভ কৰি শুকুৰবাৰে পুৱাই আছুৱে বন্ধ কৰে নিৰ্মাণকাৰ্য। লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক এই ক্ষেত্ৰত চকু দিবলৈ দাবী জনাই। ইপিনে কোম্পানীটোৱে ভূলবশতঃ এনে অনিয়ম হোৱা বুলি স্বীকাৰ কৰে আৰু ভৱিষ্যতে এনে অনিয়ম নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে।

Also Read: হাইলাকান্দিত উদ্ধাৰ বাৰ্মিজ চুপাৰি

aasu roha